
ডিজিটেল ডেস্ক |নলবাৰীঃ মা মহামায়া মহালক্ষ্মীৰ পাদপদ্মত ভক্তি অৰ্ঘ নিবেদন কৰাৰ লক্ষ্যৰে পৰাম্পৰাগত ভাৱে পালন কৰি অহা নলবাৰী জিলাৰ হাজো পথৰ (জিলিকনি) লক্ষ্মী মন্দিৰ চ'কত অহা ২৩ আৰু ২৪ অক্টোবৰত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ প্ৰাঙ্গণত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী পূজা উদযাপন পৰিচালনা সমিতিৰ সভাপতি মহেন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি বিৰাজ দাস আৰু সাধাৰণ সম্পাদক ৰিজু দাস আৰু প্ৰদ্যুত শৰ্মাই জানিব দিয়া মতে ২৪ অক্টোৱৰত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ লগত সংগতি ৰাখি সন্ধিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে৷
ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ পূজা ৰ কাৰ্যসূচী অনুসৰি ২৩ অক্টোবৰত ৰাতিপুৱা ৮ বজাত ইউথ এমেচাৰ ক্লাৱ সমূহ সদস্যৰ দ্বাৰা স্বচ্ছ অভিযান আৰম্ভ কৰা হ’ব৷ ২৪ অক্টোবৰত ৰাতিপুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন, ৩-৩০ বজাত প্ৰাইজমানী একক নৃত্য প্ৰতিযোগিতা৷
আনহাতে নৃত্য প্ৰতিযোগিতাৰ নিয়মাৱলী এনেধৰণৰঃ
১) নৃত্য প্ৰতিযোগীৰ বয়ষৰ সীমা ৫ বছৰৰ পৰা ১২ বছৰলৈ ৷
২) প্ৰতিযোগিতাৰ ভৰ্ত্তি মাচুল ১০০ টকা ৷
৩) নৃত্য প্ৰতিযোগিতাৰ প্ৰতিযোগীসকলে দিনৰ ১২ বজাৰ আগতে নাম ভৰ্ত্তি কৰিব লাগিব৷
নৃত্য প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ২০০১ টকাৰ লগতে মানপত্ৰ, দ্বিতীয় পুৰস্কাৰ ১৫০১ টকা লগতে মানপত্ৰ, আৰু তৃতীয় পুৰস্কাৰ ১০০১ টকা লগতে মানপত্ৰ বিজয়ী সকলে লাভ কৰিব৷
আবেলী ৪-৩০ বজাত শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ বিগ্ৰহত পূজা আৰম্ভ, সন্ধিয়া ৫-৩০ বজাত বন্তি প্ৰজ্বলন, ৭ বজাত পুষ্পাঞ্জলি, প্ৰসাদ আৰু ভোগ বিতৰন,৭-৩০ বজাত প্ৰফুল্ল চন্দ্ৰ শৰ্মা সোঁৱৰণী মঞ্চ উদ্ধোধন, ৭- ৪৫ বজাত বঁটা বিতৰণী অনুষ্ঠান, ৮ বজাত দ্বিজেন শৰ্মা সোঁৱৰণী ইউথ এমেচাৰ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া সাংস্কতি সন্ধিয়াৰ উদ্ধোধন৷
সাংস্কতি সন্ধিয়াত গীত পৰিবেশন কৰিব কন্ঠশিল্পী সাৰদা হাজৰিকা, মনমিতা ভৰদ্বাজ, পাৰ্থ চেণ্ডী, আৰু ৰাজ কাশ্যপৰ লগতে বচা-বছা স্থানীয় শিল্পীসকলে৷ সমুহ কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা শ্ৰদ্ধাৰে উদ্যোগক্তা সকলে কামনা কৰিছে৷