ডিজিটেল ডেস্ক |তামুলপুৰঃ আজি সন্ধিয়া তামুলপুৰ মহকুমাৰ অন্তৰ্গত চিকনীবাৰীত ৰঙিয়া-ভূটান পথৰ ওপৰত অৱস্থিত ঘগা দলঙৰ ওপৰত সংঘটিত পথ দূৰ্ঘটনাত চিকনীবাৰীৰ হাছেন আলী(২৭) থিতাতে নিহত হোৱাৰ লগতে চিকনীবাৰীৰ ফইজুল আলী(২২) গুৰুতৰ ভাৱে আহত হয়।  

ঘটনাৰ বিৱৰণী অনুসৰি আজি সন্ধিয়া ৫-৩০ মান বজাত চিকনীবাৰীৰ হাছেন আলী আৰু ফইজুল আলীয়ে এ এছ ২৫ ই ৭৪৯৮ নম্বৰৰ মটৰ চাইকেলখনেৰে দ্বাৰকুছিৰ পৰা চিকনীবাৰীলৈ গৈ থকা অৱস্থাত ৰঙিয়া দিশৰ পৰা তামুলপুৰ অভিমুখে আহি থকা সেনা বাহিনীৰ জীপচি নং ১৪ বি ১১৪৪৮৬ কে এখনে মটৰ চাইকেলখনত খুন্দা মৰাত মটৰ চাইকেল আৰোহী হাছেন আলী থিতাতে নিহত হয়৷ ফইজুল আলীৰ এখন ভৰি চিঙি গুৰুতৰভাৱে আহত হয়। 

লগে লগে আহত ফইজুলক চিকিৎসাৰ বাবে ৰঙিয়া মেডিকেললৈ প্ৰেৰণ কৰা হয়। দূৰ্ঘটনাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ অঞ্চলটোৰ ৰাইজে ৰঙিয়া-ভূটান পথ টো অৱৰোধ কৰি যান বাহনৰ চলাচল বন্ধ কৰি দিয়ে। অৱৰোধকৰী সকলে ৰঙিয়া-ভূটান পথৰ ঘগা দলঙৰ ওচৰত গতিৰোধক নিৰ্মাণ কৰক, আৰক্ষী প্ৰশাসন হায় হায় আদি ধ্বনীৰে ৰাজপথ উত্তাল কৰি তোলে। ঘটনাস্থলীত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজেন বড়োৰ নেতৃত্বত আৰক্ষীৰ এটা দল গৈ মৃতদেহটো উদ্ধাৰ কৰি তামুলপুৰ থানালৈ আনে৷