বাৰে-ৰহণীয়া কাৰ্বি সাংস্কৃতিক অনুষ্ঠানেৰে মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ সামৰণি

"কাৰ্বি ভাষা,কলা-সংস্কৃতি, নৃত্য-গীত, ৰীতি-নীতি, জাতীয় সাজ-পোচাকক বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিবই লাগিব" -- ৰীণা তেৰাংপি।

ডিজিটেল ডেক্স, খেৰণিঃ  কাৰ্বি পাহাৰত কাৰ্বি সাংস্কৃতিক শোভাযাত্ৰাৰে চাৰি দিনীয়া কাৰ্যসূচীৰে  আৰম্ভ কৰা  ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ যোৱা ১৯ অক্টোবৰত সফল সামৰণি পৰে। সমগ্ৰ কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তৰ দৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ চেংবং-লাংচিবু আক্লামতো বাৰে-ৰহণীয়া কাৰ্বি সাংস্কৃতিক অনুষ্ঠানেৰে অনুষ্ঠিত কৰা ২৬ সংখ্যক জেংখা মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ সফল সামৰণি পৰা পৰিলক্ষিত হয়। 

কাৰ্বিসকলৰ ভাষা-কৃষ্টি, কলা-সংস্কৃতি, নৃত্য গীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা এই মহোৎসৱৰ কাৰ্যসূচীত দেখিবলৈ পোৱা গ'ল বংঐ আলুন, হাচা কেকাং, বাবথিলি কে-আপ, হাম্বি কাপাথু, নিমচ' কেৰুং, ৰিৎনং চিংদি আদি বহু গীত নৃত্য প্রদৰ্শন কৰাৰ লগতে  বহু লোকনৃত্য-গীত,খেল ধেমালিৰ প্রতিযোগীতা। এই প্ৰতিযোগীতা সমুহত স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলক নগদ ধন, পুৰস্কাৰ আৰু মানপত্ৰ আদি প্ৰদান কৰা হয়। আনহাতে কিন্তু পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীন্দেঙত অনুষ্ঠিত হোৱা জেৰিকীন্দেং মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ ১৯ অক্টোবৰৰ সলনি ২০ অক্টোবৰতহে সামৰণি পৰিল। কাৰণ ২০০৫ চনৰ ১৭ অক্টোবৰ দিনটোত কাৰ্বি আৰু ডিমাছা সম্প্ৰদায়ৰ মাজত হোৱা ভাতৃ ঘটি সংঘাটতৰ সময়ত অচিনাক্ত দুৰ্বৃত্তৰ হাতত চাৰচিম-প্ৰিচেকত শিশুসহ ৪১ গৰাকীকৈ নিৰীহ কাৰ্বি লোকে প্ৰাণ হেৰুৱাইছিল, সেয়ে উক্ত দিনটোত প্ৰাণ হেৰুৱা লোকসকলক স্মৰণ কৰি শান্তি প্ৰাৰ্থনা জনায় উক্ত দিনটোৰ কাৰ্যসূচী জেৰিকীন্দেং মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ আয়োজকে স্থগিত ৰাখে। 
 
উল্লেখযোগ্য যে জিলাখনৰ অন্যান্য মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱৰ দৰে সামৰণি অনুষ্ঠানৰ দিনটোত অৰ্থাৎ যোৱা কালি জেৰিকীন্দেং মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱতো এখন মুকলি সভা আৰু নিশা সাংস্কৃতিক সন্ধ্যাৰ অনুষ্ঠান অনুষ্ঠিত কৰে মহোৎসৱৰ উদ্যোক্তাসকলে। 

উক্ত মুকলি সভাত স্থানীয় জনপ্ৰতিনিধি তথা পৰিষদীয় সদস্য ৰিণা তেৰাংপিয়ে মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুকলি সভাৰ যোগেদি মহোৎসৱত অনুষ্ঠিত কৰা প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত প্ৰতিযোগী সকলৰ মাজত নগদ ধন, পুৰস্কাৰ আৰু মানপত্ৰ আদি প্ৰদান কৰে। আনহাতে মুকলি সভাত প্ৰায় চাৰি সহস্ৰাধিক উপস্থিত ৰাইজক উদ্দেশ্যি জনপ্ৰতিনিধি ৰিণা তেৰাংপীয়ে "আমি কাৰ্বি জনগোষ্ঠী তথা অনুসূচিত জনজাতি হিচাবে কাৰ্বি ভাষা, কলা-সংস্কৃতি, ৰীতি-নীতি, জাতীয় সাজ-পোচাক আদিৰ জ্ঞান এনে অনুষ্ঠান বা কাৰ্বি যুৱ মহোৎসৱৰ যোগেদি অৰ্জন কৰি আমি আমাৰ জাতিটোৰ পৰিচয় দিয়াৰ লগতে কাৰ্বি ভাষা, কলা-সংস্কৃতিৰ, নৃত্য-গীত, ৰীতি-নীতি, জাতীয় সাজ-পোচাক আদিক বিশ্ব দৰবাৰত আমি প্ৰতিষ্ঠিত কৰিবই লাগিব বুলি মন্তব্য কৰে । আৰু জাতিটোৰ এনে প্ৰচেষ্টাক সফলভাৱে আগুৱাই নি আশা আকাংক্ষা পূৰ কৰিব যাতে পাৰে তাৰ বাবে জাতিটোৰ প্ৰতিগৰাকী ব্যক্তিক সচেতনতাৰে আগবাঢ়ি ওলাই আহিবলৈ আহ্বান জনায় ৰিণা তেৰাংপীয়ে।

খেৰণিৰ পৰা কনক দেউৰী, ফোন-৮০১১৬৬২২৩৬