
কাৰ্বি আংলংঃ হোজাই জিলাৰ বৰবহাৰ পৰা ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰিছে কাৰ্বি আংলং জিলাৰ লুম-তিবিন গাওঁৰ এজন ২৮ বছৰীয়া বিবাহিত ব্যক্তি। হোজাই জিলাৰ বৰবহা নামৰ ঠাইখনত থকা শহুৰেকৰ ঘৰৰ পৰা নিজৰ গৃহলৈ বুলি উভতি অহাৰ পথত সংঘটিত হৈছে নিৰুদ্দেশৰ এই ঘটনা।
উল্লেখযোগ্য যে যোৱা ৫ অক্টোবৰৰ দিনটোত বৰবহাত বসবাস কৰা শহুৰেক ৰাজু ইংহিৰ ঘৰৰ পৰা পুৱা ৭ বজাত নিজ ঘৰলৈ অৰ্থাৎ পশ্চিম কাৰ্বি আংলঙৰ জেৰিকীন্দেঙ থানা অন্তর্গৰ লুম-তিবিন গাওঁলৈ যাম বুলি কৈ জোৱায়েক সাজেশ ইংতিয়ে (২৮) ওলাই আহিছিল। আৰু তাৰ পাছৰে পৰা সাজেশ ৰহস্যজনকভাৱে নিৰুদ্দেশ হৈ পৰে বৰবহা অঞ্চলৰ পৰা।
দুয়োখন জিলাতে বহু বিচাৰ খোঁচাৰ কৰিও এনেদৰে প্ৰায় এপষেক ধৰি নিৰুদ্দেশ হৈ থকা সাজেশৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালবৰ্গই। ইফালে মাজে মাজে সাজেশে মানসিক ৰোগত আক্ৰান্ত হয় বুলিও পৰিয়ালৰ লোকে সাংবাদিকক জানিবলৈ দিয়ে। অৱশ্যে উল্লেখিত দিনটোত সাজেশে সুস্থ অৱস্থাত ওলাই আহি এনেদৰে হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাটোয়ে এক ৰহস্যৰ সৃষ্টি কৰিছে বুলি পৰিয়ালৰলোকে প্ৰকাশ কৰিছে। আনহাতে কোনো লোকে উল্লেখিত ব্যক্তিজনৰ সন্ধান লাভ কৰিলে ৯৪৩৫৪৫৭৬৯৫/ ৭০৮৫৬৮৭১৭৮/ ৬০০১১৮১৫১৮ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।
খেৰণিৰ পৰা কনক দেউৰী, ফোন-৮০১১৬৬২২৩৬