
ওদালগুৰিঃ ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে প্ৰেৰণ কৰা এক পত্ৰ যোগে ২৩ অক্টোবৰ তাৰিখে জিলাখনৰ সকলো চৰকাৰী কৰ্মচাৰীক নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত থাকিবলৈ নিৰ্দেশনা জাৰী কৰিছে।
পত্ৰখনত উল্লেখ কৰি জিলা উপায়ুক্ত গৰাকীয়ে কয় যে ২৩ অক্টোবৰ মঙ্গলবাৰে কিছুসংখ্যক সংগঠনে ১২ ঘণ্টীয়া অসম বন্ধ ঘোষণা কৰিছে। উক্ত দিনটোত জিলাখনৰ সকলো কৰ্মচাৰীকে নিজৰ নিজৰ চৰকাৰী কাৰ্যালয়ত উপস্থিত থকাৰ লগতে উপস্থিতিৰ খতিয়ানসমূহ আবেলি ৩ বজাৰ ভিতৰত জিলা উপায়ুক্তৰ কাৰ্যালয়ত জমা দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।
অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি