23
Oct
2018
নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত উত্তাল প্রতিবাদ ৰাজপথত

শিৱসাগৰঃ সমগ্র ৰাজ্যতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ২০১৬ ৰ বাতিলৰ দাবীত ৪২ টাকৈ সংগঠনে জনোৱা বন্ধৰ প্রতি সহাৰি জনাইছে ৰাইজে। উল্লেখযোগ্য যে আগন্তুক ১৭ নৱেম্বৰত গুৱাহাটীত ৰাজ্যৰ বঙালী সংগঠনসমুহে একত্রিত হৈ সমাবেশ আয়োজন কৰাৰ প্রতিবাদত অসমৰ ৪২ টা জাতীয় সংগঠনে আজি ২৩ অক্টোবৰত আহ্বান জনোৱা ১২ ঘন্টীয়া অসম বন্ধ কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে আজি পুৱা শিৱসাগৰ নগৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত 'আহোম সেনা' ই ট্ৰায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে শিৱসাগৰৰ ভিন্ন প্রান্তৰত সাব্যস্ত কৰিছে প্রতিবাদ,অৱশ্যে বাতৰি যুগুত কৰা সময়লৈকে কোনো অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাই
শিৱসাগৰৰ পৰা,ধ্রুৱজ্যোতি বড়া