24
Oct
2018

ডিজিটেল ডেস্ক |তেজপুৰঃ তেজপুৰৰ গনেশ ঘাটত আজি পুৱা এজন আৰক্ষী কনিষ্টবলৰ উলংগ অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। উল্লেখযোগ্য যে বিশ্বনাথ আৰক্ষী থানাৰ আৰক্ষী কনিষ্টবল মিন্টু বৰাই দীৰ্ঘদীন ধৰি চাকৰিৰ পৰা আতৰি আছিল৷ আনহাতে চাকৰিৰ পৰা আতৰত থাকি নিজ চহৰৰ আশে পাশে ঘূৰি ফুৰিছিল মিন্টু বৰা নামৰ আৰক্ষীজন৷ কিন্তু আজি পুৱা হঠাতে তেখেতৰ উলংগ মৃত শৰীৰ উদ্ধাৰ হয় গণেশ ঘাটত৷ ৰহস্যজনক ভাৱে উদ্ধাৰ মৃতদেহ উদ্ধাৰ হোৱাত আৰক্ষী মহলত মিশ্ৰিত প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়৷