নগাঁৱত ১৪৪ ধাৰা

নগাঁওঃ আগন্তুক দীপাৱলী আৰু ষট্ পূজাৰ সময়ত যাতে জিলাখনত শান্তি-সম্প্ৰীতি বিঘ্নিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁৱৰ অতিৰিক্ত জিলা দণ্ডাধীশ লাচিত কুমাৰ দাসে ফৌজদাৰী বিধিৰ অধীনত ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি ফটকা উৎপাদন, বিক্ৰী বা ব্যৱহাৰত বিদি-নিষেধ আৰোপ কৰিছে। ফটকাৰ শব্দৰ পৰিমান ১২৫ ডেচিবেল(এ আই) বা ১৪৫ ডেচিবেল (চি)তকৈ বেছি হ’ব নোৱাৰিব। তদুপৰি নিশা ১০ বজাৰপৰা পুৱা ৬ বজালৈ ফটকা ফুটাব নোৱাৰিব। চিকিৎসালয়, শিক্ষানুষ্ঠান, ধৰ্মীয় অনুষ্ঠান, পেট্ৰ’ল পাম্প আদিৰপৰা ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ফটকা ফুটাব নোৱাৰিব। লগতে পথ বা পদপথত ফটকা ফুটাব নোৱাৰিব। এই বিধি তৎকালীনভাৱে বলবৎ কৰা হৈছে আৰু আইন অমান্যকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি এক বিবৃতিযোগে প্ৰশাসনে জানিবলৈ দিয়ে।