24
Oct
2018

বোকাজানঃ উৎসৱৰ পৰিৱেশৰ মাজতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ উদ্যোগ নগৰী বোকাজানত আয়কৰ বিভাগে অভিযান চলায়৷ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰপৰা অহা আয়কৰ বিভাগৰ এক বৃহৎ দলে অভিযান চলায় চহৰখনত৷ সন্তোষ জৈন নামৰ বোকাজানৰ ব্যৱসায়ীজনৰ শুকানজানস্থিত জৈন এণ্ড ছনছ আৰু বোকাজান বজাৰত থকা মা দুৰ্গা হাৰ্ডৱেৰ নামৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায় দলটোৱে৷ দিনৰ প্ৰায় ১ বজাৰপৰা অভিযান চলোৱা দলটোৱে বৰ্তমানো অভিযান অব্যাহত ৰাখিছে যদিও বাতৰি সংগ্ৰহ কৰা সময়লৈকে দলটোৱে কোনো তথ্য ৰাজহুৱা কৰা নাই৷