25
Oct
2018

নগাঁওঃ নগাঁও জিলাৰ চামগুৰিৰ বৰদলত বন্যহস্তীৰ কৰুণ মৃত্যু ।বৰদলৰ এখন ধাননি পথাৰত পুৱাই স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰিলে এটি মৃত হাতী। মৃত হাতীটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে বন বিভাগক খৱৰ দিয়ে।পাছত ঘটনাস্থলীত শালনা আঞ্চলিক বন বিভাগৰ এটা বনৰক্ষীৰ দল উপস্থিত হয়।বন বিভাগে জাকৰ মাজত হোৱা যুজঁৰ বাবেই হাতীটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।
আনহাতেদি স্থানীয় ৰাইজে অসুস্থ হোৱাৰ বাবেই হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।উল্লেখ্য যে বহুদিনধৰি বৃহত্তৰ চামগুৰি অঞ্চলত হাতীৰ এটা জাকে উপদ্ৰব চলাই আহিছিল যদিও বন্যহস্তীটোৰ জাকটোক খেদি পঠোৱাত বন বিভাগ ব্যৰ্থ হৈছিল আৰু তাৰেই পৰিণতিত এই হাতীতোৰ মৃত্যু হোৱা বুলি ৰাইজে ভাৱে।
নগাঁওৰ পৰা জয়ন্ত মুদৈ