দিগন্ত বৰ্মন, বৰনদ্দীঃ নলবাৰী জিলাৰ বৃহত্তৰ বৰনদ্দী অঞ্চলৰ পানীগাঁও মিলন চ’কত অনুষ্ঠিত কৰি অহা এখন ব্যতিক্ৰমী কালীপূজা ৰাইজৰ মাজত আদৰ্শ আৰু সমন্বয়ৰ প্ৰতীক হৈ পৰিছে৷ যিসময়ত এচাম স্বাৰ্থান্বেষী লোকে ধৰ্মৰ নামত কলিমা সানি মানুহৰ সমন্বয়ত ভাতৃঘাটী সংঘৰ্ষ সৃষ্টি কৰিছে তেনে সময়তে পানীগাঁও মিলন চ’কৰ একাংশ হিন্দু আৰু মুছলমান লোক মিলিত হৈ প্ৰতি বছৰে কালীপূজা অনুষ্ঠিত কৰি মহামিলন তীৰ্থত পৰিণত কৰি তোলাৰ প্ৰয়াস কৰিছে৷

উল্লেখযোগ্য যে প্ৰতিবছৰৰ দৰে এইবছৰো মিলন চ’ক উন্নয়ন সমিতিৰ উদ্যোগত অহা ৬ নৱেম্বৰত কালীপূজাখন অনুষ্ঠিত কৰাৰ পূৰ্ণ প্ৰস্তুতি চলিছে৷ পূজা উপলক্ষে ইকৰাম আলীক সভাপতি হেমন্ত সাউদক সম্পাদক হিচাপে লৈ এখন উদযাপন সমিতি গঠন কৰা হৈছে৷

কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি ইকৰাম আলীয়ে৷ ৯ বজাত গছপুলি ৰোপণ কৰিব বিশিষ্ট সমাজকৰ্মী ধীৰেশ্বৰ শৰ্মাই৷ আনহাতে, কাৰ্যসূচী অনুসৰি কণ-কণ শিশুসকলৰ বাবে কেইবাখনো প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে পূজাৰ সমিতিয়ে৷ ১০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ১১ বজাত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷ সন্ধিয়া ৫ বজাত বন্তী প্ৰজ্বলন কৰিব ভাৰতীয় চিকিৎসা সন্থা নলবাৰীৰ ডঃ কামেশ্বৰ লহকৰে৷ ৬ বজাত নাগাৰা নাম, ৯ বজাত অাতচবাজী প্ৰদৰ্শনৰ লগতে ১০ বজাত বিশিষ্ট চিকিৎসক ডঃ ভৰত বৈশ্যই পূজাৰ শুভাৰম্ভ কৰিব বুলি সমিতিৰ লোকে জানিবলৈ দিয়ে৷