নগাঁও জিলাৰ 'এ প্লাছ' পোৱা ১৭৪ খন বিদ্যালয়ে নাপালে ২৫ হেজাৰ পুৰস্কাৰ
নাহিল এজনো বিষয়া

নগাঁওঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী তথা মন্ত্ৰী-বিধায়কৰ পৰা আৰম্ভ কৰি মুখ্য সচিব, আৰক্ষী সঞ্চালকপ্ৰধানকে প্ৰমুখ্য কৰি প্ৰতি জিলাৰ উপাযুক্ত, আৰক্ষী অধীক্ষকসহ বিভিন্ন উচ্চ পদস্ত বিষয়াই বিদ্যালয়ে বিদ্যালয়ে শ্ৰেনীকোঠাত পাঠদান প্ৰক্ৰিয়াত অংশগ্ৰহনেৰে বিগত বৰ্ষত গুণোৎসৱৰ জৰিয়তে গুণগত মানদণ্ড নিৰূপন কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰিছিল যদিও বাস্তৱ ক্ষেত্ৰত শিক্ষা বিভাগে আজিকোপতি বিদ্যালয়সমূহৰ আন্ত:গাঁথনিৰ উন্নয়ন, অভাৱ-অভিযোগ তথা বিভিন্ন সমস্যাসমূহ সমাধান কৰাত তিলমানো গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল ৷ যাৰ বাবেই বিগত বৰ্ষৰ গুণোৎসৱত ৰাজ্যখনৰ বিভিন্ন পৰ্যায়ৰ বিষয়াকে ধৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত যি ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছিল সেই স্পৃহা, উৎসাহ উদ্দীপনা চলিত বৰ্ষৰ গুণোৎসৱত একেবাৰে পৰিলক্ষিত হোৱা নাই ৷ কাৰণ,বিগত গুণোৎসৱত বিদ্যালয়সমূহৰ মান নিৰূপণ কৰি প্ৰচাৰৰ ক্ষেত্ৰত ব্যাপক গুৰুত্ব আৰোপ কৰিলে যদিও শিক্ষানুষ্ঠানসমূহৰ বিভিন্ন সমস্যা সমাধান নিমিত্তে শিক্ষা বিভাগে কোনো পদক্ষেপেই গ্ৰহন নকৰিলে ৷ ইয়াৰ পৰিণতিত গুণোৎসৱে নিজৰ নিজৰ বিদ্যালয়সমূহলৈ এক আমূল পৰিবৰ্তন আনিব বুলি আশা কৰি থকা বিষয়া-শিক্ষক সমাজ সম্পূৰ্ণভাৱে আশাহত হ'ল ৷
উল্লেখযোগ্য যে,তদানীন্তন শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্বভাৱসূলভ ভাৱে গুণোৎসৱৰ জৰিয়তে অসমৰ বিদ্যালয়সমূহে এক নতুন পৰিচয় লাভ কৰিব বুলি ঢাক-ঢোল বজাই ব্যাপক প্ৰচাৰ চলাই বাহ বাহ লৈছিল যদিও অন্যটো বাদেই 'এ প্লাচ' গ্ৰেড পোৱা বিদ্যালয়সমূহকো পুৰস্কাৰ হিচাপে ঘোষনা কৰা ২৫ হেজাৰ টকাৰ ফুটাকড়ি এটাও আজিলৈকে দিয়া নহ’ল ৷ প্ৰাপ্ত তথ্য মতে, নগাঁও জিলাত বিগত বৰ্ষৰ গুণোৎসৱত ৯ টা শিক্ষাখণ্ডত মুঠ ১৭৪ খন বিদ্যালয়ে 'এ প্লাচ' গ্ৰেড লাভ কৰি চৰকাৰী পুৰস্কাৰ হিচাপে ২৫ হেজাৰ টকা লাভ কৰাৰ লগতে চৰকাৰী উচ্চ পদস্থ বিষয়া আদিয়ে বিদ্যালয় পৰিদৰ্শন কৰি সকলোকে উৎসাহ যোগাব বুলি গোটেই বছৰটো বাট চাই ৰ'ল যদিও দূৰ্ভাগ্যজনকভাৱে আজিৰ তাৰিখলৈকে নাপালে ঘোষিত ধন তথা বিদ্যালয় পৰিদৰ্শণৰ বাবে নাহিল এজনো বিষয়া ৷
আশ্চৰ্যজনক কথাটো হ'ল বিগত বৰ্ষত গুণোৎসৱৰ মূল্যায়নত ৰাজ্যখনত ১,৯৯৫ খন এজনীয়া শিক্ষক থকা বিদ্যালয় চিহ্নিত কৰা হৈছিল যদিও এতিয়া এজনীয়া শিক্ষক থকা বিদ্যালয়ৰ সংখ্যা বৃদ্ধি পাই হ'লগৈ ২,৪১০ খন ৷ তদুপৰি প্ৰায় ৫০০খন 'এ প্লাছ' পোৱা বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ অভাৱ দেখুৱাই একত্ৰিকৰণৰ জড়িয়তে বন্ধহে কৰি দিয়া হ'ল চিৰদিনলৈ ৷ কাজেই, বিগত বৰ্ষত বিদ্যালয়সমূহে অতি আগ্ৰহ, উৎসাহ আৰু জাক-জমকতাৰে অনুষ্ঠিত কৰা গুণোৎসৱ চৰকাৰী মিথ্যাচাৰ, বঞ্চনা তথা প্ৰতাৰনাৰ দলিল ৰূপে চিহ্নিত হোৱা বুলি শিক্ষকসমাজে অভিযোগ তুলিছে ৷ যাৰ পৰিপেক্ষিতত এইবাৰ দ্বিতীয় বৰ্ষৰ গুণোৎসৱত দেখা যোৱা নাই কোনো স্পৃহা, আগ্ৰহ, উৎসাহ ৷ ইয়াৰ বিপৰীতে এক চৰকাৰী ভেকো ভাওঁনালৈ পৰ্যবেশিত হবলৈ গৈ আছে কোটি কোটি চৰকাৰী ধনেৰে আয়োজিত এই গুণোৎসৱ ৷ প্ৰকাশ যে, নগাঁও জিলাত চৰকাৰী খণ্ডৰ প্ৰতিখন বিদ্যালয়ত কাইলৈ অৰ্থাৎ ৩১ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হব এই বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ ৷
নগাঁৱৰ পৰা জয়ন্ত মুদৈ