নগাঁওঃ নগাঁও জিলাৰ কামপুৰ ৰে’ল ষ্টেশ্যনত ৰাইজে প্ৰায় ৭ বস্তা শামুক জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি কামপুৰৰ এটা দুষ্ট চক্ৰই পথাৰৰপৰা শামুকসমূহ সংগ্ৰহ কৰি ৰে’ল যোগে ডিমাপুৰলৈ সৰবৰাহ কৰি অাহিছিল। তিনি গৰাকী মহিলাই শামুকখিনি ৰে’ল যোগে ডিমাপুৰলৈ নিবলৈ যো-জা কৰা অৱস্থাতে ৰাইজে শামুকখিনি জব্দ কৰি ৰে’ল অাৰক্ষী অাৰু বন বিভাগক গতাই দিয়ে। উল্লেখ্য, ৰে’ল অাৰক্ষীৰ দলটোত মহিলা অাৰক্ষী নথকাৰ বাবেই মহিলাকেইগৰাকী পলাই যাবলৈ সক্ষম হয়। ডিমাপুৰত প্ৰতি কেজি শামুক বিক্ৰী হয় ৪৫ ৰপৰা ৫০ টকাত। পাছত বন বিভাগৰ লোকে শামুক খিনি পুনৰ পথাৰত এৰি দিয়ে।