
গুৱাহাটীঃ বৃহস্পতিবাৰে শদিয়াৰ ধলাত অচিনাক্ত বন্দুকধাৰীয়ে পাঁচজন ভাষিক সংখ্যালঘু লোকক গুলীয়াই নিহত কৰা ঘটনাত আলফা (স্বাধীন) জড়িত নহয় বুলি স্পষ্ট কৰিছে।
ইংৰাজীত লিখা এক বিবৃতfত সশস্ত্ৰ সংগঠনটোৰ প্ৰচাত বিভাগৰ সদস্য ৰমেল অসমে আজি এই কথা প্ৰকাশ কৰে।
উল্লেখ্য, কালি সন্ধিয়া ৮ মান বজাত এখন দোকানৰ সন্মুখত বহি থকা কেইজনমান লোকক অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দল এটাই ধলা-শদিয়া দলঙৰ ওচৰলৈ মাতি লৈ যায়। সামৰিক পোচাকত অহা দলটো ভাৰতীয় সেনা বাহিনীৰে দল বুলি ধৰি লৈছিল লোককেইজনে। তেওঁলোক দলঙৰ ওচৰ পোৱাত দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ নিৰ্দেশ দিয়ে আৰু যধে-মধে গুলীচালনা কৰে।
এই ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰযোগে এই বৰ্বৰ কাণ্ডক গৰিহণা দিয়াৰ লগতে পৰিস্থিতি সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰিছে।
নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সমগ্ৰ অসম উত্তপ্ত হৈ থকাৰ মাজতে একাংশ ৰাজনৈতিক নেতাৰ প্ৰৰোচনামূলক মন্তব্যই জ্বলা জুইত ঘিউ ঢালিছিল। সচেতন মহলে এনে প্ৰৰোচনামূলক মন্তব্য কৰাসকলক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যদিও সংশোধনী বিধেয়কক সমৰ্থন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে এই অপশক্তিসমূহক নিয়ন্ত্ৰণ কৰাৰ কোনো ইচ্ছাই নেদেখুৱালে বুলি অভিযোগ উঠিছে।
এনে এক প্ৰেক্ষাপটত কালি নিশা সংঘটিত এই ঘটনাই অনাগত সময়ত হ'বলগীয়া ভয়ংকৰ পৰিস্থিতিৰ সংকেট দিছে।
মন কৰিবলগীয়া যে সন্ত্ৰাসবাদীয়ে বাঙালী লোকৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগত আজি একাংশ বাঙালী সংগঠনে ১২ ঘণ্টীয়া তিনিচুকীয়া বন্ধৰ আহ্বান দিছিল।
আলফা স্বাধীনে কালিৰ ঘটনাটোৰ সৈতে জড়িত নাই বুলি প্ৰকাশ কৰাৰ পাছত ঘটনাটো ৰহস্যময় হৈ পৰিছে। এই ঘটনাত যদি আলফা জড়িত নহয় তেন্তে কোন এই অপশক্তি, যিয়ে অসমক অশান্ত কৰি নিজ স্বাৰ্থ পূৰণৰ অপচেষ্টা চলাইছে? সেয়া এতিয়া সকলোৰে সন্মুখত ডাঙৰ প্ৰশ্ন।