বিহালীঃ বিশ্বনাথ চাৰিআলিত বাঙালী সংগঠনসমূহে দিয়া অসম বন্ধৰ কোনো প্ৰভাৱ পৰা পৰিলক্ষিত নহ’ল। ধলাৰ নাৰকীয় হত্যাকাণ্ডক সকলোৱে একেমুখে গৰিহণা দিলেও অসম বন্ধৰ বিৰুদ্ধে ওলাই আহিছে খিলঞ্জীয়াসকল। কোনো কাৰণতে জধে-মধে অসম বন্ধ মানি লোৱা নহ’ব বুলি হুংকাৰ দিয়ে ৰাইজে। জধে-মধে বন্ধ দিয়া অপ-সংস্কৃতিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ ল’ব লাগে বুলিও দাবী জনায় বিশ্বনাথবাসীয়ে।