ওদালগুৰিঃ সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী উপলক্ষে যুৱ সমাজৰ মাজত সুধাকণ্ঠৰ গীত-মাত জীয়াই ৰখাৰ উদ্দেশ্যে ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অহা ৫ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে স্থানীয় শ্বহীদ বেদীৰ বাকৰিত অনুষ্ঠানটি আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৫ নৱেম্বৰৰ পুৱা ১০ বজাত আছুৰ পতাকা উত্তোলন কৰিব আঞ্চলিক সমিতিৰ সভাপতি অভিজিৎ এছ কাশ্যপে, ১০:৩০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰাজদ্বীপ দাসে, ১১ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব ওদালগুৰি মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বিপুল লহকৰে, ১১:৩০ বজাত সুধাকণ্ঠৰ জীৱনভিত্তিক কুইজ প্ৰতিযোগিতা মুকলি কৰিব আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাসে। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ লগতে

সন্ধিয়া ৬ বজাত ‘জিলিকাব লুইতৰে পাৰ’ শীৰ্ষক অনুষ্ঠান মুকলি কৰিব ওদালগুৰি নগৰ সমিতিৰ সভাপতি ৰিপেন দৈমাৰীয়ে, ৬:৩০ বজাত ড৹ ভূপেন হাজৰিকা সমন্বয় বঁটা-২০১৮ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব আছুৰ সহ: সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে প্ৰাঞ্জল পাটোৱাৰী আৰু চাইফুল হক, ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নাৰায়ণ পটঙ্গীয়াই। সমূহ কাৰ্যসূচীতে ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই।