► ► হেমন্ত ফুকন

অসম এতিয়া আগ্নেয়গিৰিৰ ওপৰত বহি আছে। ইতিমধ্যে দুই-এচমকা ধোঁৱা-জুই বাহিৰ হৈছেই। সামান্য এটা বাহ্যিক স্ফুলিংগই সমগ্ৰ পৰিস্থতি নিয়ন্ত্ৰণহীন কৰিব পাৰে। অসমে কেতিয়াও অশান্তি নিবিচাৰে। ইয়াৰ চৰিত্ৰগত বৈশিষ্টই হ’ল উদাৰতা। নিজ বুকুত সকলোকে আদৰি লয়। হাজাৰ বছৰীয়া ইতিহাসে ইয়াকে কয়।

কিন্তু ৰাজনৈতিক পাকচক্ৰত পৰি এতিয়া যেন সাময়িকভাৱে অসমৰাসীয়ে দিকবিদিক হেৰুৱাইছে৷ উদাৰ অসমীয়াই এই মুলুকলৈ প্ৰব্ৰজিত হোৱা সকলোকে আঁকোৱালি লৈছে৷ কিন্তু কিমান দূৰলৈ? পূৰ্ব বংগৰপৰা অসমলৈ অহা প্ৰব্ৰজনৰ প্ৰতিবাদ ১৯১৫ চনতে মাণিক চন্দ্ৰ বৰুৱাই সজোৰে কৰিছিল৷ বিপ্লৱী কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে অসমীয়া ভাষাগত জাতীয়তাবাদৰ তাড়নাত বাংলাভাষী আৰু উত্তৰ ভাৰতৰপৰা হোৱা প্ৰব্ৰজনৰ বিৰুদ্ধ অসমীয়াক সাৱধান কৰি দিছিল৷

কোৱা বাহুল্য যে অষ্টাদশ শতিকাৰ মাজভাগত আৰু ঊনবিংশ শতিকাৰ ষাঠিত অসমীয়াই মাতৃভাষাৰ বাবে আন্দোলন কৰিবলগীয়া হৈছিল৷ সত্তৰৰ দশকৰ  আৰম্ভণিতে অসমত শিক্ষাৰ মাধ্যমৰ বাবেও আন্দোলন কৰিবলগীয়া হৈছিল৷ এনে আন্দোলনসমূহে অসমবাসীৰ মনত সোমাই থকা শক্তিশালী ভাষিক জাতীয়তাবাদকে সূচাইছে৷

যোৱা শতিকাৰ সত্তৰ দশকৰ শেষলৈ ভাষিক জাতীয়তাবাদে কিছু ৰূপ সলালে৷ অসম আন্দোলনৰ অন্তত বাংলাদেশৰপৰা অহা অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল৷ অসম চুক্তি মতে ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অহা কোনো বাংলাদেশীকে অসমে গ্ৰহণ নকৰাৰ সিদ্ধান্ত ল'লে৷ ইয়াক সকলো পক্ষই সমৰ্থন কৰাত স্থবিৰ হৈ পৰা অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া পুনৰ ত্বৰান্বিত হ’ল৷

দুৰ্ভাগ্যজনকভাৱে বিজেপিৰ ৰাজনৈতিৰ অভিলাষে এই প্ৰক্ৰিয়াত পুনৰ আউল লগোৱা পৰিলক্ষিত হৈছে৷ দলটেৱে বাংলাদেশৰপৰা ২০১৬ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত অহা হিন্দুসকলক নাগৰিকত্ব দিৰলৈ আইন কৰিবলৈ লোৱাৰ বাবে অসমত তীব্ৰ প্ৰতিবাদ হোৱা দেখা গৈছে৷

ইয়াৰ মাজতে নিয়ন্ত্ৰণহীন একাংশ বিজেপি নেতা-বিধায়কে অসমক ত্ৰিপুৰা কৰাৰ হুংকাৰ দিয়াত যিকোনো অসমীয়া জাতীয়তাবাদী ক্ষুব্ধ হোৱাতো স্বাভাৱিক৷ এফালে ৰাজনৈতিক সমৰ্থনপুষ্ট জনপ্ৰতিনিধিৰ আসমীয়াবিৰোধী বক্তব্য, আনফালে অসমায়াৰ ঘৰে ঘৰে গৈ আক্ৰমণ কৰাৰ ভাবুকি, আৰু ইয়াৰ প্ৰতিক্ৰিয়াত একাংশ নেতাৰ ফেপেৰি পতা কাৰ্যই ৰাজ্যখনক এখোজ-দুখোজকৈ অশান্তিৰ দিশলৈ লৈ গৈ আছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দুৰ্বল স্থিতিয়ে অসমবাসীক বাৰুকৈয়ে হতাশ কৰিছে৷

ধলাত বৃহস্পতিৰাৰৰ নিশা অচিনাক্ত দুৰ্বৃত্তই পাঁচজনকৈ নিৰীহ বাংলাভাষীক গুলীয়াই হত্যা কৰাৰ পাছত পৰিস্থিতিয়ে যিকোনো ৰূপ লোৱাৰ আশংকাই দেখা দিছে৷ আলফা (স্বাধীন) এই ঘটনা সৈতে জড়িত নহয় বুলি স্পষ্ট কৰি দিয়াৰ পাছত আৰক্ষীয়েও আলফা জড়িত থকাৰ দাবী সজোৰে সাব্যস্ত কৰিব পৰা নাই৷ ইয়াৰপৰা এয়াই প্ৰমাণ হয় যে স্বাৰ্থজড়িত শক্তিয়ে অসমক অশান্ত কৰাৰ বাবে ইতিমধ্যে সক্ৰিয় হৈ পৰিছে৷

গতিকে সকলো পক্ষ সংযত হোৱা উচিত৷ বাঙালীভাষী অসমীয়াৰ শত্ৰু নহয়৷ জাতীয় সংগঠনসমূৰে ১৯৭১ চনৰ পাছত অসমলৈ অহা হিন্দু আৰু মুছলমান উভয়ৰে বিৰোধিতা কৰিছে৷ সেয়া আমি সকলোৱে অনুধাৱন কৰি আগ বঢ়া উচিত৷