লিডুঃ আজি পুৱা মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত বাবুল হল চাৰিআলিৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহপথ দুৰ্ঘটনা৷ মাৰ্ঘেৰিটাত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷ একাংশ জ্ঞানহীন গাড়ী চালকে তাণ্ডৱৰূপী বেগেৰে যানবাহন চলোৱাৰ বাবে মহকুমাটোত এতিয়া প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে৷ 

লিডুৰ পৰা মাৰ্ঘেৰিটা দিশেৰে আহি থকা এ এচ ২৩ চিচি ০২০১ নম্বৰৰ ডাম্পাৰ গাড়ি এখনে চাইকেল আৰোহী এজন ২০ বছৰীয়া যুৱকক প্ৰচণ্ড জোৰত খুন্দিওৱাৰ ফলত যুৱকজনৰ থিতাতে মৃত্যু হয়৷ আনহাতে তীব্ৰ বেগেৰে অহা গাড়ীখনৰ খুন্দাত যুৱক জনৰ মুখমণ্ডলৰ সকলো অংশ চিন্ন বিচিন্ন হৈ পৰে৷  

ইফালে ৰাজপথেৰে গৈ থকাৰ অৱস্থাত এনেদৰে এজন সাধাৰণ যুৱকৰ আকস্মিক মৃত্যুৰ ঘটনাই এলেকাটোত গভীৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দূৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখন জব্দ কৰিবলৈ সক্ষম হয় যদিও গাড়ী চালক জনে ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে৷ বৰ্তমান মৃত  যুৱকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷