
ওদালগুৰিঃ আছুৰ নেতৃত্বত কেইবাটাও সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল ওদালগুৰিৰ ৰাজপথ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত শনিবাৰে ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত গ্ৰহণ কৰা হয় 'সকীয়নি বিক্ষোভ’ কাৰ্যসূচী।
ওদালগুৰি ৰাজহুৱা দুৰ্গা পূজা মণ্ডপৰপৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে নিখিল ৰাভা ছাত্ৰ সন্থা, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, অৰণ্য সুৰক্ষা সমিতিকে ধৰি কেইবাটাও দল-সংগঠনে। উক্ত স্থানত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ অন্তত এক সমদল উলিওৱা হয়। কেইবাশতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰা উক্ত সমদলত 'নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক’, 'কেন্দ্ৰীয় চৰকাৰ হায় হায়’, 'ৰাজ্য চৰকাৰ হায় হায়’, 'সৰ্বানন্দ সোণোৱাল হায় হায়’, 'শিলাদিত্য লেইলেই চেইচেই’, 'অবৈধ বাংলাদেশীৰ সমৰ্থকসকল হুচিয়াৰ’ ইত্যাদি শ্ল’গান প্ৰদানেৰে ৰাজপথ উত্তাল কৰি তোলে।
সমদলটো চহৰখনৰ মাজেৰে পাৰ হৈ বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাংগণত সামৰণি পৰে। সমদলৰ অন্তত সাংবাদিকৰে হোৱা কথা-বতৰাত আছুৰ সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্যই কয় যে অবৈধ বাংলাদেশীক সংস্থাপিত কৰিব বিচৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন অসমৰ জনগনে কেতিয়াও কাৰ্যকৰী হ’বলৈ নিদিয়ে। অসমত অবৈধ বাংলাদেশীৰ বোজা জাপি দিব বিচৰা সময়ত এসময়ৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ চৰকাৰত থকা নেতাসকলে মাত মাতিব লাগে। তেওঁলোকে ক্ষমতাৰ লালসা এৰি জাতিপ্ৰেম দেখুওৱাৰ এয়া উচিত সময়। সৌসিদিনালৈ ছাত্ৰ সন্থাৰ মজিয়াত থাকি উদাত্ত কণ্ঠেৰে বিদেশীমুক্ত অসম গঢ়াৰ ভাষণ দিয়াসকলে আজি তেওঁলোকৰ সেই কণ্ঠ ক’ত হেৰুৱালে বুলিও প্ৰশ্ন কৰে।
আনহাতে বৰ্তমানৰ চৰকাৰখনৰ বাবেই অসমত অবৈধ বাংলাদেশীয়ে খিলঞ্জীয়াক ৰঙা চকু দেখুৱাবলৈ সাহস কৰা বুলিও তেওঁ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। ইফালে প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰীয়ে উদাত্ত কণ্ঠেৰে কয় যে যিসকল লোকে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মাত মাতে তেওঁলোকক জাতিৰ শত্ৰু বুলি ধৰিব লাগে। লগতে তেওঁ সেইসকল লোকক সকীয়নি প্ৰদান কৰি কয় যে বিধেয়কখনক সমৰ্থন কৰাসকলে তেনে অবৈধ কাৰ্য বাদ দি অসমৰ কথা চিন্তা কৰক, অন্যথা তেওঁলোকক আমি শান্তিত থাকিব নিদিওঁ।
কাৰ্যসূচীত উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক জয়ন্ত ৰাভা, আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ সম্পাদক প্ৰসেনজিৎ দাসৰ লগতে জিলাখনৰ কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া।