
কাৰ্বি আংলংঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আজিও অব্যাহত আছে বনৰীয়া হাতী-মানুহৰ সংঘাত৷ জিলাখনৰ বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই পাহাৰৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ সৃষ্টি কৰি আহিছে৷ বন্যহস্তীৰ জাকে যেনেদৰে মানুহৰ ঘৰ-দুৱাৰ ভাঙি, কৃষি পথাৰ বিনষ্ট কৰি সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ কৰি জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে ঠিক একেদৰে খাদ্য আৰু আশ্ৰয়ৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা বন্যহস্তীক এচাম চোৰাংচিকাৰীয়ে বিভিন্ন উপায়েৰে হত্যা কৰা ঘটনাও সহজলভ্য হৈ পৰিছে৷
কিন্তু তাৰ পিছতো অসহায় বনবিভাগ কিম্বা প্ৰশাসন৷ হাতী-মানুহৰ সংঘাত ৰুধিব নোৱাৰি যেন তাণ্ডৱলীলা দেখিও নেদেখাৰ ভাও জুৰিবলৈ বাধ্য হৈছে প্ৰশাসন৷ তাৰ মাজতে দেওবাৰে মাজনিশা পুনৰ এক অঘটন সংঘটিত হয়৷ জিলাখনৰ বোকাজান মহকুমাৰ সৰুমান্থি এলেকাত বোকাজান বন সংমণ্ডলৰ অধীনস্থ তথা বোকাজান থানাৰ অন্তৰ্গত সৰুমান্থি এলেকাত আজি পুৱা এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়।
দেওবাৰে মাজনিশা সকলো নিদ্ৰাত নিতাল মৰা সময়তে ওচৰৰ বনাঞ্চলৰ পৰা ওলাই আহে এটি বনৰীয়া হাতী৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীটোৱে কিন্ত দুস্কৃতিকাৰীৰ হাতত মৃত্যুকহে আকোৱালী লবলগীয়া হয় ৷ হাতীটোৰ মৃতদেহত দুটাকৈ গুলীৰ চিন দেখিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে যোৱা নিশা কোনো চোৰাং চিকাৰীৰ দলে হাতীটো হত্যা কৰি দাঁত আৰু শুৰৰ একাংশ কাটি লৈ যায় ৷
আজি পোৱা স্থানীয় লোকে হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি বোকাজানৰ বন বিভাগৰ লোকক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ লগতে সমাধিস্থ কৰাৰো ব্যৱস্থা কৰে৷ আনহাতে উক্ত স্থানতে কোনো দুস্কৃতিকাৰীয়ে পূৰ্বেও এটা হাতী গুলী কৰি হত্যা কৰিছিল। বন বিভাগৰ নিষ্ক্ৰিয়তাৰ বাবেই এনেদৰে চোৰাং চিকাৰীয়ে হাতীটো হত্যা কৰি দাঁত, শুৰ কাটি লৈ যাবলৈ সক্ষম হ’ল বুলি স্থানীয় ৰাইজে অভিযোগ কৰে৷
উল্লেখ্য যে, আজি দীৰ্ঘদিনধৰি কাৰ্বি আংলং বন বিভাগৰ বোকাজান পূৱ বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টি দুটাৰ অন্তৰ্গত ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ, মাতিপুল, ঘৰীয়ালডুবি, বৰমান্থি, সৰুমান্থি, খটখটি, গৌতমবস্তি, হিদিপি আদি অঞ্চল সমূহত বৃহৎ এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ সমান্তৰালকৈ চোৰাংচিকাৰীৰ হাততো বন্যহস্তীয়ে মৃত্যুক আকোৱালী ল’বলগীয়া হৈছে৷ যি সময়ত বন্যহস্তী আৰু মানুহৰ সংঘাতে ৰাজ্যখনত চৰম ৰূপ পাইছে, ভুক্তভোগী সাধাৰণ ৰাইজে নিজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে বনবিভাগৰ শৰণাপন্ন হ’বলগীয়া হৈছে, সেই সময়তে বিভাগটোৰ অসহায় অৱস্থা প্ৰকট হৈ পৰিছে সৰ্বসাধাৰণ জনতাৰ ওচৰত৷
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বন বিভাগে বন্যহস্তী খেদিবলৈ যে অপৰাগ সেয়া জিলাখনত সংঘটিত হৈ থকা হাতী-মানুহৰ সংঘাত সমুহে প্ৰকট কৰি তুলিছে৷ জিলাখনৰ সচেতন ৰাইজে অভিযোগ কৰি কয় যে কাৰ্বি আংলংৰ বন বিভাগৰ হাতত সৰ্বসাধাৰণ জনসাধাৰণক বন্যহস্তীৰ পৰা পৰিত্ৰাণ পাব পৰাকৈ তথা চোৰাংচিকাৰীৰ হাতৰ পৰাও এই অবুজ প্ৰাণীটোক ৰক্ষা কৰিবলৈ কোনো আধুনিক অস্ত্ৰ-শস্ত্ৰ নাই, যাৰবাবে এই বন্যহস্তী-মানুহৰ সংঘাট বৃদ্ধি পোৱাৰ লগতে নিৰিহ গঞাঁৰ জীৱন আৰু সম্পত্তিৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰিছে৷