
খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়া নগৰত সোমবাৰে পুৱা এক কৰুণ ঘটনাই জোকাৰি গ’ল সমগ্র খাৰুপেটীয়া অঞ্চল। নগৰখনৰ টিলাপট্টীৰ পাণ দোকানী মানিক প্ৰসাদ সাহাৰ বাসগৃহত পুৱা আঠমান বজাত শৌচালয়ৰ টেংকি চাফা কৰাৰ বাবে দুজন শ্ৰমিকে তললৈ নমাৰ লগে লগে কৰুণভাৱে মৃত্যুক সাৱটি লয়।
শ্ৰমিক দুজন খাৰুপেটীয়াৰ নিকটৱৰ্তী মোৱামাৰী গাঁৱৰ আবুল হুছেইনৰ পুত্ৰ সাহা আলম (৩৫) আৰু নদীৰমুখ গাঁৱৰ নেশ্বাৰ আলী মুঞ্চিৰ পুত্ৰ ছফিকুল ইছলাম ওৰফে হাবৰুল্লাহ (২২) বুলি চিনাক্ত হয়।
উল্লেখ্য যে পুৱাতে শৌচালয়ৰ দহ ফুট দ টেংকিৰ ঢাকনি খুলি কাম কৰিবলৈ ভিতৰত প্ৰৱেশ কৰাৰ পাছতে বিষাক্ত গেছৰ কবলত পৰে শ্ৰমিক দুজন। পুৱা ৮ ৰপৰা ৮-৩০ বজাত টেংকিত আৱদ্ধ হৈ পৰা শ্ৰমিক সাহালম আৰু ছফিকুলক উদ্ধাৰৰ ব্যৱস্থা হয় যদিও তেওঁলোকে টেংকিৰ ভিতৰতে কৰুণভাৱে মৃত্যুক সাৱটি লয়।
এঘণ্টাৰো পলমকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হয়। কিন্তু দহ ফুট দ টেংকিৰ তললৈ নমাৰ সাহস গোটাব নোৱাৰিলে। উদ্ধাৰ কাৰ্যত সহায় কৰি থকা স্থানীয় ছিদ্দিক আলী আৰু নগাজান গাঁৱৰ এজন সাহসী ৰাজ মিস্ত্ৰিয়ে দীঘল ইউ আকৃতিৰ ৰিং সংযুক্ত লাখুটিৰ জৰিয়তে আৰু শকত প্লাষ্টিকৰ ৰছীৰে প্ৰথমে সাহালমৰ নিথৰ দেহটো উঠাই আনে। তাৰ পাছত সেই একে উপায় অৱলম্বন কৰি ছফিকুলৰ নিথৰ দেহটো উঠাই অনা হয়।
পুৱা ৯-৪৫ বজাত নিথৰ দেহ দুটা উদ্ধাৰ কৰি দুয়োকে খাৰুপেটীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও তাৰপৰা স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষই মৃত শ্ৰমিক দুজনক মংগলদৈ অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখ্য যে, টেংকিত অক্সিজেনৰ অভাৱত শ্ৰমিক দুজন মৃত্যুক সাৱটি লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জীৱিকাৰ পথ হিচাপে ৰাজ মিস্ত্ৰিৰ কাম কৰিবলৈ গৈ এনেদৰে আকস্মিকভাৱে তথা কৰুণভাৱে মৃত্যুক সাৱটি লোৱাত মৃতকৰ দুয়োটা পৰিয়ালৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ঘটনাটোই সমগ্ৰ অঞ্চল জুৰি শোক ছাঁ বিৰাজ কৰিছে।