তামুলপুৰঃ বুধবাৰে বিজেপি মিত্ৰ দলৰ চৰকাৰে পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ আলোচনাৰ নামত কোচ-ৰাজবংশী সকলক বাৰে বাৰে প্ৰতাৰণা কৰি অহাৰ বাবে আক্ৰাছুই আজি প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ পুত্তলীকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ 

কুমাৰীকাটা আঞ্চলিক আক্ৰাছুৰ শতাধিক প্ৰতিবাদীকাৰীয়ে ৰঙিয়া-ভূটান ঘাই পথেৰে সমদল কৰি প্ৰধান মন্ত্ৰী হায় হায়, মুখ্যমন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ মিচলীয়া, ন কমতাপুৰ ন ৰেষ্ট, উই ৱান্ট এচ টি, ন এচ, টি ন ৰেষ্ট আদি শ্ল’ গানেৰে কুমাৰীকাটাৰ আকাশ বতাহ উত্তাল কৰি প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলীকা দাহ কৰে৷