ওদালগুৰিঃ ওদালগুৰি জিলাৰ ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পূণ্য প্ৰসাদ উপাধ্যায়ে ছাত্ৰী সকলৰ বাবে চৰকাৰে প্ৰদান কৰা সৌৰশক্তিৰে চালিত লেম্পৰ বাবে ৫০ টকাকৈ সংগ্ৰহ কৰে।

ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ অনুসৰি সাংবাদিকৰ দল বিদ্যালয়খনত উপস্থিত হোৱাত ছাত্ৰী সকলৰ পৰা সংগ্ৰহ কৰা ধনৰাজি জিলা প্ৰাথমিক শিক্ষা কাৰ্যালয়ৰ পৰা অনুমতি প্ৰদান কৰা বুলি প্ৰকাশ কৰি নিজৰ কু-কাৰ্য ঢাকিবলৈ চেষ্টা চলাই যদিও ওদালগুৰি জিলা প্ৰাথমিক শিক্ষাৰ বিষয়া ভবেন দেউৰীয়ে এই বিষয়ত মত প্ৰকাশ কৰি কয় যে তেওঁলোকৰ বিভাগৰ পৰা ছাত্ৰ ছাত্ৰীৰ পৰা ধন সংগ্ৰহৰ কোনো নীতি নিৰ্দেশনা নাই। 

আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গৰাকীক এই বিষয়ে অধ্যক্ষ গৰাকীয়ে কোনো ধৰণৰ খবৰ নিদিয়াকৈ নিজৰ ইচ্ছা অনুসৰি ধন সংগ্ৰহ কৰিছে বুলি প্ৰকাশ কৰে।