
ওদালগুৰিঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফলত ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়ালে হৰিশিঙাৰ মিথিংগা দৈমাৰীয়ে।
দৈমাৰীয়ে অসম অসামৰিক সেৱাত ৭৭ নম্বৰ স্থান দখন কৰি গৌৰৱ কঢ়িয়াই আনে। ওদালগুৰি জিলাৰ হৰিশিঙাৰ সমীপৱৰ্তী অম্বাগাঁও গাঁৱৰ খেতিয়ক পিতৃ নিৰণ দৈমাৰী আৰু মাতৃ ৰেণু দৈমাৰীৰ সন্তান মিথিংগাই ২০১৬ চনতে গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰপৰা পশু চিকিৎসা বিজ্ঞানত বিষয়ত ৭৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হৈছিল।
দৈমাৰীয়ে ২০০৮ চনত হৰিশিঙা ডাইমণ্ড ইংলিচ স্কুলৰপৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ ওদালগুৰি মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত নামভৰ্তি কৰি সুখ্যাতিৰে উত্তীৰ্ণ হয়। তেওঁৰ সপোন আছিল অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ দেশবাসীক সেৱা কৰা।
কোনো ধৰণৰ আগতীয়া প্ৰশিক্ষণ নোলোৱাকৈ দৈমাৰীয়ে নিজৰ সপোন পূৰণত সফল হোৱাত আনন্দ প্ৰকাশ কৰে। তেওঁ এই সাফল্যৰ স্বীকৃতি নিজৰ পিতৃ-মাতৃ, শিক্ষাগুৰু, আত্মীয়ক দিয়া বুলি জানিবলৈ দিয়ে। ভৱিষ্যতে তেওঁৰ লক্ষ্য ইউ পি এছ চি বুলিও সাংবাদিকক জানিবলৈ দিয়ে।