
তেজপুৰঃ গুৱাহাটীৰ পৰা আৰম্ভ হৈ আজি তেজপুৰত প্ৰৱেশ কৰে ভাৰত-তিব্বত সহযোগী মঞ্চৰ তীৰ্থ যাত্ৰা৷ তেজপুৰৰ মহাভৈৰৱ মন্দিৰত নেপালী সুৰক্ষা পৰিষদে এই যাত্ৰাত ভাগ লোৱা প্ৰায় ৩৫০ জন যাত্ৰীক স্ৱাগতম জনোৱাৰ পাছত যাত্ৰীসকলে মহাভৈৰৱ মন্দিৰ দৰ্শন কৰে৷
ভাৰত-তিব্বত সহযোগী মঞ্চই এই বছৰ সপ্তম বাৰৰ বাবে যাত্ৰা আৰম্ভ কৰিছে৷ তীৰ্থ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে ৰঙা চীনে আগ্ৰাসন কৰা তিব্বতৰ অংশ পৰিদৰ্শন কৰি তাত থকা লোকৰ বিষয়ে জনসাধাৰনক অৱগত কৰাৰ লগতে পৰ্যটন ক্ষেত্ৰ টনকিয়াল কৰা৷
যিটো সময়ত ভাৰত-পাক সীমান্ত অশান্তি জৰ্জৰিত ঠাই হিচাপে চিহ্নিত সেই সময়তেই ভাৰত-তিব্বত সীমাত শান্তিৰ বাতাবৰন লৈ দেশৰ সকলো প্ৰান্তৰ লোকে এই যাত্ৰাত সহযোগ কৰিছে৷ এই বছৰৰ তীৰ্থ যাত্ৰাত যুৱক-যুৱতী সকলে ভাগ লোৱা পৰিলক্ষিত হৈছে বুলি আৰ এছ এছৰ জ্যেষ্ঠ নেতা তথা ভাৰত-তিব্বত সহযোগী মঞ্চৰ দলপতি ইন্দ্ৰেশ কুমাৰে মত প্ৰকাশ কৰে৷ দলৰ অংশ হিচাপে মহাভৈৰৱ মন্দিৰত পূজা আৰতিৰে আজি সন্ধিয়া এক অনুষ্ঠানত মিলিত হয় দলপতিগৰাকীয়ে৷
অৰুণাচল প্ৰদেশলৈ ৰাওনা হোৱা দলটোক আজি ভালুকপুঙত উষ্ম আদৰণি জনায়৷ জানিব পৰা মতে, তীৰ্থযাত্ৰীসকল বুধবাৰে বমডিলালৈ আৰু টাৱাঙলৈ যাত্ৰা কৰিব৷ ভক্তপ্ৰেমী দলটোক আদৰিবলৈ মহাভৈৰৱত উপস্থিত থাকে তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মা, এমট্ৰনৰ উপাধক্ষ্য ঋতুবৰ্ন শৰ্মা, বি জে পিৰ শোনিতপুৰ জিলাৰ সভাপতি মৃনাল শইকীয়া, তেজপুৰৰ ৱাৰ্দ কমিচনাৰ ঋষভ সীপানী আৰু অনুষ্ঠানৰ আহ্বায়ক দিপক শইকীয়া।