21
Nov
2018

বিহালীঃ ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টি বিহালীত বি জে পিৰ ব্যাপক গৰাখহনীয়া। দলটোৰ প্ৰতি অতিষ্ট হৈ মঙলবাৰে বাঘমৰা ব্লক কংগ্ৰেছৰ সভাপতি ভৰত কটোৱালৰ সভাপতিত্বত বৰজাৰণী গাঁও পঞ্চায়তৰ প্ৰতিষ্ঠাপক ৱাৰ্ড সদস্য সৰানন্দৰ বাসগৃহত অনুষ্ঠিত হোৱা সভাত ৩৫ জনকৈ বিজেপি নেতা কৰ্মীয়ে স্ব-ইচ্ছাই বি জে পি ত্যাগ কৰে।
তাৰপাছতেই আনুষ্ঠানিকভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰেমলাল গঞ্জু আৰু বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে।
বিশ্বনাথ জিলা যুৱ কংগ্ৰেছৰ উপ-সভাপতি মনোজ গৌতমে আঁত ধৰা সভাখনত জিনজিয়া জিলা পৰিষদৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী নয়নলাল শৰ্মা, বিহালী সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দ্বীপজ্যোতি বৰা, বৰজাৰণী গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ লগতে প্ৰায় শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে।