তিতাবৰঃ পুৱতি নিশা চাৰে চাৰি বজাত তিতাবৰ ৰে’ল ষ্টেচনৰ কিছু নিলগত উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছৰ খুন্দাত প্ৰায় ৬ বছৰীয়া হাতী পোৱালি এটাৰ কৰুণ মৃত্যু হয়। ৰে’লগাড়ীখনে হাতীৰ পোৱালিটোক প্ৰায় ৩০০ মিটাৰৰ চোঁচৰাই লৈ যোৱাত ৰে’ল পথছোৱা তেজ আৰু মঙহৰে ভৰি পৰে৷ 

তিতাবৰৰ বন বিভাগৰ আঞ্চলিক কাৰ্যালয় চৌহদত নিচেই কাষতে এই কৰুণ ঘটনাটো সংঘটিত হয়। এই ঘটনাত ৰে’লখনৰ বিশেষভাৱে সক্ষম লোকৰ বাবে থকা ডবাটো লাইনছ্যুত হোৱাৰ লগতে ৰে’লপথছোৱাৰ বিস্তাৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা যায়।

ৰে’লখনে কাটি টুকুৰা-টুকুৰ কৰে হাতী পোৱালিটোক। দুৰ্ঘটনাটোত কোনো লোক আহত হোৱা নাই বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিছে। আজি কিছু দিনৰপৰা মৰিয়নী শোলোংঙাপাৰা গিৱন অভয়াৰণ্যৰপৰা খাদ্য সন্ধানত ওলাই অহা হাতীৰ এটা বৃহৎ জাকে মৰিয়নী আৰু তিতাবৰত দীৰ্ঘদিন ধৰি উপদ্ৰপ চলাই ৰাইজৰ মাজত তাণ্ডৱৰ সৃষ্টি কৰি আহিছিল। 

অকৰ্মন্য বন বিভাগে আজিলৈকে হাতী খেদিবলৈ কোনো যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনে ঘটনা হয় বুলি সচেতন মহলে মন্তব্য কৰিছে। আনহাতে, এই ঘটনাৰ চৰে তিনি ঘণ্টাৰ পাছত আৰক্ষীৰ বাবে উজনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে'লগাড়ীখনে পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লয়। ৰে’ল পথটো মুকলি হোৱাৰ লগতে হাতী পোৱালীটো বন বিভাগৰ লোকসকলে তিতাবৰত খণ্ড বন বিভাগৰ কাৰ্যলয়ৰ চৌহদত সমাধিষ্ঠিত কৰে।