খেৰণিঃ অসম-মেঘালয়ৰ সীমান্তত ট্ৰাকসহ পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা জব্দ কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত উমপ্লুঙৰ তুমেং-লাংছ'ৰপৰা এইবাৰ খেৰণি বন বিভাগে জব্দ কৰে এখন কুন্দাভৰ্তি ট্ৰাক।

কিছুদিন পূৰ্বে অসম-মেঘালয়ৰ সীমান্তৰ মোলাবেৰ আৰু উমতাঙৰপৰা মেঘালয়ৰ পঞ্জীয়নভুক্ত দুখনকৈ অবৈধ কুন্দাভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে। উল্লেখযোগ্য যে, একেদৰে এইবাৰো কাৰ্বি আংলঙৰ উমপ্লুঙৰ তুমেং-লাংছ'ৰপৰা অবৈধভাৱে মেঘালয়লৈ কুন্দা সৰবৰাহ কৰাৰ চেষ্টা কৰি থকা অৱস্থাত এইবাৰ খেৰণি বনবিভাগে এখন কুন্দাভৰ্তি ট্ৰাক ইতিমধ্যে জব্দ কৰে।

গোপন সূত্ৰৰ খবৰৰ ভিত্তিত খেৰণি বন বিভাগৰ এটা অভিযানকাৰী দলে বৃহত্তৰ উমপ্লুঙ অঞ্চলত ব্যাপক অভিযান চলাই এম এল-০৪-চি-৫৭১৪ নম্বৰৰ কুন্দাভৰ্তি ট্ৰাকখন জব্দ কৰে। উল্লেখ্য যে নিশাৰ এন্ধাৰৰ সুযোগ লৈ বনকৰ্মী ঘটনাস্থলী পোৱাৰ পূৰ্বেই কাঠ চোৰে ট্ৰাক এৰি পলায়ন কৰে।