গোৰেশ্বৰঃ বড়ো ভাষা-সাহিত্য-সংস্কৃতিৰ এগৰাকী অন্যতম সাধক, শিক্ষাবিদ, সমাজসেৱক তনুৰাম বড়ো আৰু নাই। ২২ নৱেম্বৰত নিশা প্ৰায় ৮.১৫ মিনিটত তনুৰাম বড়োই শেষ নিশ্বাস ত্যাগ কৰে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাৰ দোংপাৰ নিবাসী তনুৰাম বড়োই ৭৫ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত ২২ নৱেম্বৰত নিজা বাসগৃহত  ইহলীলা সম্বৰণ কৰে।

বড়ো ভাষা সাহিত্য সংস্কৃতিৰ নিৰব সাধক তনুৰাম বড়োই ১৯৭০ চনত ৰঙিয়া জিলা বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰাৰ লগতে প্ৰতিষ্ঠাপক সম্পাদক হিচাপে অনবদ্য বৰঙণি আগবঢ়াই গৈছে। পেচাত এগৰাকী শিক্ষক হোৱাৰ ওপৰি তনুৰাম বড়োই গোৰেশ্বৰ অঞ্চলৰ বড়ো ভাষা-শিক্ষাৰ ক্ষেত্ৰতো ষথেষ্ট সেৱা আগবঢ়াইছে।

গোৰেশ্বৰস্থিত বড়ো মাধ্যমৰ  চানজাবৰালী বিদ্যালয়ৰো প্ৰতিষ্ঠাপক সভাপতি আছিল তনুৰাম বড়ো। তনুৰাম বড়োই গোৰেশ্বৰ অঞ্চলত বাথৌ ধৰ্মৰো এগৰাকী সেৱক হিচাপে কাম কৰিছিল। বড়োই পূব কাউৰবাহা এম ই বিদ্যালয়ৰত সহকাৰী শিক্ষক হিচাপে শিক্ষকতা কৰাৰ লগতে উক্ত বিদ্যালয়ৰপৰা প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে।

উল্লেখ্য যে পূব কাউৰবাহা এম ই বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰেপৰা জড়িত আছিল তনুৰাম বড়ো। তেওঁৰ মৃত্যুত ৰঙিয়া আৰু তামুলপুৰ জিলা বড়ো সাহিত্য সভা, বাক্সা জিলা আৰু গোৰেশ্বৰ আঞ্চলিক এবছু, চানজা বাথৌ ধৰ্ম সমাজ, গোৰেশ্বৰ সাহিত্য সভা, সামাজিক স্বেচ্ছাসেৱী অনুষ্ঠান কস্তুৰী আদি  দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

আজি পুৱাৰ ভাগত অনেক গুণমুদ্ধই তেওঁ বাসগৃহলৈ গৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পাছত গোৰেশ্বৰ বাথৌ মন্দিৰ, চানজাবৰালী বিদ্যালয়, বড়ো সাহিত্য সভা ভৱন, পূব কাউৰবাহা এম ই স্কুল আদিলৈ শোভাযাত্ৰা কৰি নি তনুৰাম বড়োদেৱলৈ শেষ শ্ৰদ্ধা নিবেদন কৰা হয়। বড়ো সাহিত্য সভাই সমগ্ৰ ৰাজ্যতে তিনিদিনৰ বাবে বড়ো সাহিত্য সভা পতাকা অৰ্ধনমিত কৰি ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইপিনে তনুৰাম বড়োলৈ শ্ৰদ্ধা নিবেদন কৰি ২৬ নবেম্বৰত পুৱা ৭ বজাৰপৰা তিনিঘন্টীয়া গোৰেশ্বৰ বন্ধৰ আহ্বান কৰা হৈছে। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ-বোৱাৰী, দুগৰাকী নাতি আৰু অনেক গুণমুগ্ধক এৰি থৈ গৈছে। তেওঁৰ মৃত্যুত বড়ো ভষা সাহিত্য সংস্কৃতিৰ জগতখনে এগৰাকী নিষ্ঠাৱান নিৰৱ সাধকক হেৰুৱালে।