গোলাঘাট জিলা প্ৰশাসনে বেআইনীভাৱে অনুমতি দিয়া কাজিৰঙাৰ কাষৰীয়া এলেকাত চলোৱা ভূ-কম্পন জৰীপ বন্ধ কৰিলে ৰাইজে

কাজিৰঙাঃ সম্পূৰ্ণ বে-আইনীভাৱে কাজিৰঙাৰ কাষৰীয়া এলেকাত ভূ-কম্পন জৰীপ কৰিবলৈ যোৱা বহিৰাগত কোম্পানীক পহুখেদা দিয়ে বোকাখাতৰ ৰাইজে। স্বয়ং গোলাঘাট জিলা প্ৰশাসনৰ অনুমতিত বোকাখাতৰ বহিখোৱা এলেকাত ভূ-কম্পন জৰীপ চলাই থাকোতেই জীপাল কৃষক-শ্ৰমিক সংঘৰ উদ্যোগত স্থানীয় ৰাইজে খেদি পঠিয়ায় আলফাজিঅ' নামৰ কোম্পানীটোৰ কৰ্মকৰ্তা সকলক।
অঞ্চলটোৰ ৰাইজে কৰা অভিযোগ অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ গাতে লাগি থকা বহিখোৱা এলেকাত উপস্থিত হয় কেইগৰাকীমান লোক। নিজকে আলফাজিঅ' নামৰ কোম্পানীটোৰ কৰ্মকৰ্তা বুলি চিনাকি দিয়া লোককেইজনে বহিখোৱা এলেকাৰে মণিবৰ চাৰহ নামৰ মিচিং সম্প্ৰদায়ৰ ব্যক্তিজনৰ বাসগৃহত উপস্থিত হৈ উক্ত বাসগৃহ চৌহদত খাৰুৱা তেলৰ পুং আছে বুলি উল্লেখ কৰে। আনহাতে, খাৰুৱা তেলৰ পুং চাবৰ বাবে দলকল বৰিং কৰাৰ সমান কেইফুটমান ভূমি বিচাৰে। কিন্তু, উক্ত সময়ত বাসগৃহত মণিবৰ চাৰহ নথকাত পৰিয়ালৰ লোকে ভূমি দিব নোৱাৰো বুলি জনোৱাত কোম্পানীৰ কৰ্মকৰ্তাসকলে খাটনি ধৰাত পৰিয়ালৰ লোক মান্তি হয়। ইয়াৰ পাছতেই বিভিন্ন যন্ত্ৰপাতিৰে উক্ত স্থানত কাম আৰম্ভ কৰে আলফাজিঅ' নামৰ কোম্পানীটোৰ কৰ্মকৰ্তাসকলে। ইফালে, যন্ত্ৰপাতিৰে কাম আৰম্ভ কৰাৰ বিষয়টো সমগ্ৰ এলেকাত বিয়পি পৰাৰ লগে লগে ইজন-সিজন লোক কাম চাবৰ বাবে উক্ত স্থানত উপস্থিত হয়। কি কাৰণত যন্ত্ৰপাতি লগাই কাম-কাজ কৰি আছে সেই সন্দৰ্ভত অঞ্চলটোৰ সচেতন ৰাইজে কোম্পানীটোৰ প্ৰতিনিধিসকলক সোধপোছ কৰে। কিন্তু, কোম্পানীটোৰ প্ৰতিনিধিসকলৰ উত্তৰত ৰাইজৰ সন্দেহ জন্মাত কাগজ-পত্ৰ চাব বিচাৰে। ইপিনে, জীপাল কৃষক-শ্ৰমিক সংঘৰ উপস্থিতিত ৰাইজে কাগজ-পত্ৰ পৰীক্ষা কৰাত কোম্পানীটোৱে ভূ-কম্পন জৰীপ কৰাৰ তথ্য পোহৰলৈ আহে।
ৰাইজে জনোৱা মতে, কাম আৰম্ভ কৰাৰ পাছতেই কোম্পানীটোৱে যন্ত্ৰ-পাতিৰ দ্বাৰা ভূ-গৰ্ভত ৩০ ৰপৰা ৩৫ টা বিস্ফোৰণ কৰে। ইফালে, বেআইনীভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এলেকাত কোম্পানীটোৱে ভূ-কম্পন জৰীপ কৰাৰ বিষয়টো সমগ্ৰ এলেকাত বিয়পি পৰাত অঞ্চলটোৰ ৰাইজ ওলাই আহে। ৰাইজৰ উপস্থিতিত জীপাল কৃষক-শ্ৰমিক সংঘৰ উপদেষ্টা সোণেশ্বৰ নৰহে স্পষ্ট ভাৱে কয় যে কাজিৰঙাৰ কাষৰীয়া এলেকাত ভূ-কম্পন জৰীপ কৰাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগৰ সমগ্ৰ জৈৱ-বৈচিত্ৰ ধ্বংসৰ গৰাহত পৰিব। আনকি, কাষৰীয়া সমগ্ৰ এলেকাৰ কীট-পতংগ, সাপ-ভেকুলী নাইকিয়া হ'ব। ফলত, কৃষক-শ্ৰমিকৰ অৱস্থা হাহাকাৰ হ'ব। তদুপৰি, সাধাৰণ ৰাইজে সেৱন কৰা বিশুদ্ধ খোৱাপানী গ্ৰহণ কৰাৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আনহাতে, কোনো ধৰণৰ ৰাজহুৱা শুনানি নোলোৱাকৈ অতি গোপনে আলফাজিঅ' নামৰ কোম্পানীটোৱে ভূ-কম্পন জৰীপ কৰিছে। ইফালে, জৈৱ বৈচিত্ৰ ধ্বংস হ'ব বুলিয়েই ২০০৬ চনৰ ৩০ অক্টোবৰত ডিব্ৰুগড়ত আৰু ৫ নৱেম্বৰত ডিগবৈত সমূহ জাতীয় সংগঠনৰ উপস্থিতিত ৰাজহুৱা শুনানিৰ পাছত চৰকাৰী পক্ষই অসমত ভূ-কম্পন জৰীপ কৰা নহ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পাছতো কাৰ সাহসত স্বয়ং গোলাঘাট জিলাৰ উপায়ুক্তই এই বেআইনী কৰ্মত সহযোগ কৰিছে বুলিও প্ৰশ্ন উত্থাপন কৰে। ইফালে, প্ৰশাসনৰ তৰফৰ পৰা গোলাঘাটৰ জিলা আৰক্ষী অধীক্ষক আৰু স্থানীয় ৰাজহ চক্ৰ বিষয়াক ভূ-কম্পন জৰীপ কৰাত সহায় কৰিবলৈ নিৰ্দেশ দিয়াটো অত্যন্ত গৰিহণাৰ যোগ্য। ইয়াৰ উচিত তদন্ত কৰিবৰ বাবেও ৰাইজে আহ্বান জনায়। ইপিনে, জীপালৰ উদ্যোগত ৰাইজে কোম্পানীটোৰ ভূ-কম্পন জৰীপৰ কাম বন্ধ কৰাৰ লগতে উক্ত স্থানৰ পৰা পহুখেদা দিয়ে। ইফালে, ভূ-কম্পন জৰীপেৰে বহিৰাগত কোম্পানীৰ সহযোগত বেআইনীভাৱে স্বয়ং জিলা উপায়ুক্তৰ অনুমতিত কাজিৰঙা ধ্বংসৰ ব্লু-প্ৰিণ্ট কৰা কাৰ্যক লৈ সমগ্ৰ এলেকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।