
কাৰ্বি আংলংঃ পৰিৱৰ্তনৰ শ্ল'গানেৰে দিল্লী, দিছপুৰ তথা ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাহাৰীয়া জিলা কাৰ্বি আংলংত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ'ল যদিও তেনে চৰকাৰ তথা চৰকাৰৰ অধীনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ কৰ্ম-সংস্কৃতিৰ আজিও কিন্ত পৰিৱৰ্তন নহ'ল৷ ৰাজনৈতিক নেতা, পালিনেতা তথা জিলা প্ৰশাসনৰ উচ্চ-পদস্ত বিষয়াৰ পৃষ্ঠপোষকতাত কাৰ্বি আংলংত দীৰ্ঘ বছৰৰ পৰা অব্যাহত আছে অবৈধভাৱে কয়লা খনন কাৰ্য৷ জাতি-মাটি-ভেটি ৰক্ষা তথা দুৰ্নীতিমুক্তৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা বৰ্তমানৰ বিজেপি চৰকাৰখনৰ দিনতো চলিছে ৰাজ্যখনত বিভিন্ন অবৈধ ব্যৱসায়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলংতো বৰ্তমান অব্যাহত আছে পূৰ্ণ গতিত অবৈধভাৱে কয়লাৰ খনন কাৰ্য৷ এই ক্ষেত্ৰত দীৰ্ঘদিনধৰি কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাই অভিযোগ উত্থাপন কৰাৰ উপৰি বিভাগীয় কৰ্তৃপক্ষক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে৷
কিন্ত বৰ্তমানলৈকে বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই হওঁক অথবা আৰক্ষী প্ৰশাসনেই হওঁক কোনেও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ বোকাজান বিলাতী মাটি কাৰখানাৰ অতিথিশালাত আজি এক সংবাদমেল সম্বোধন কৰি আছুৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই কয় যে ছুম ৰংহাঙে পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰিত্বৰ দ্বায়িত্ব গ্ৰহণ কৰাৰ পাছতেই ডিলাইত থকা চিমেণ্ট ফেক্টৰীৰ অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে অভিযান চলাইছিল৷
কিন্তু বৰ্তমান তেওঁৰেই পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিচ'বাইৰ উপৰি বোকাজান মহকুমাৰ ডিলাই আৰু শিলনীজানত অবৈধভাৱে ফকলেণ্ড, জেচিবি আদিৰ সহায়ত কয়লা খনন কাৰ্য অব্যাহত ৰাখিছে একাংশ অবৈধ ব্যৱসায়ীয়ে। সংবাদমেলত এই অবৈধ খনন কাৰ্যৰ তথ্যও ৰাজহুৱা কৰে ছাত্ৰ নেতা বেদান্ত শইকীয়াই৷ এই অবৈধভাৱে খনন কৰা কয়লা ভুৱা চালানেৰে চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মণিপুৰৰ উপৰি ডিফু, বোকাজান আদি অঞ্চলত থকা বিভিন্ন ইটা-ভাটা, সৰু-বৰ উদ্যোগৰ লগতে নগাওঁ-গুৱাহাটীলৈও সৰবৰাহ কৰে৷ কোটি কোটি টকাৰ ৰাজহ ফাঁকিৰে কাৰ ছত্ৰছাঁয়াত এই কয়লা চোৰাংচোৱাই বিনাদ্বিধাই এই অবৈধ কয়লা খনন আৰু সৰবৰাহ চলাই আহিছে বুলি সংবাদমেলত প্ৰশ্ন কৰে ছাত্ৰ নেতাগৰাকীয়ে৷
বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক নোমল ম'মিনে যোৱা জানুৱাৰী মাহত বোকাজান মহকুমাৰ অন্তৰ্গত শিলনীজানৰ অতি ভিতৰুৱা দুৰ্গম অঞ্চলত বনবিভাগ আৰু আৰক্ষীৰ সহযোগত অভিযান চলাই বৃহৎ পৰিমাণৰ কয়লা জব্দ কৰিছিল৷ সেই জব্দকৃত কয়লাখিনি কাৰ্বি আংলং জিলাৰ উপায়ুক্তই Memo no- KGAE-3/2012-16/209-A ৰ নিৰ্দেশৰ জৰিয়তে দেতৱাৰ্ড বে' নামৰ ব্যক্তিজনক ৫০০ এম টি কয়লা অহা ৩১ ডিচেম্বৰৰ ভিতৰত কৰ দি লৈ যাবলৈ নিৰ্দেশ দিয়ে আৰু অভিযোগ উঠা মতে, শাসকীয় বিধায়কগৰাকীৰ বিৰুদ্ধে গৈ পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰী ছুম ৰংহাঙৰ নেতৃত্বতে এনে নিৰ্দেশ দিবলৈ বাধ্য হয়। কিন্ত অতি আশ্চৰ্যজনক বিষয় যে সেই সময়ৰ জব্দ কৰা কয়লাখিনি নিয়াৰ পৰিৱৰ্তে উক্ত স্থানত আকৌ ৬-৭ খন ফকলেণ্ডৰ জৰিয়তে অবৈধভাৱে কয়লাৰ খনন কাৰ্য চলোৱাহে পৰিলক্ষিত হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নেতাগৰাকীয়ে৷
এই ক্ষেত্ৰত বোকাজানৰ বিধায়ক নোমল ম'মিনেও এতিয়া চকু মুগা কুলিৰ ভাওঁ ধৰাহে দেখা গৈছে বুলি অভিযোগ উত্থাপন কৰে শইকীয়াই৷ যোৱা মাৰ্চ মাহত বিধানসভাৰ আইন প্ৰণয়নকাৰী সমিতিয়ে কাৰ্বি আংলং জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই অবৈধ কয়লাৰ ছিণ্ডিকেটৰ বিষয়ে গুৱাহাটীলৈ মাতি নি ঘটনাৰ ওপৰত বুজ লৈছিল আৰু এই আইন প্ৰণয়নকাৰী সমিতিখনে নিজেই চৰজমিন তদন্ত কৰি অসমৰ মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ অধ্যক্ষক প্ৰতিবেদন দিয়াৰ কথা আছিল৷ কিন্ত সেই সমিতিখনে কয়লা খননস্থলীলৈ আহি চৰজমিন তদন্ত কৰিলে নে নাই অথবা সমিতিখনে কি প্ৰতিবেদন দাখিল কৰিলে সেয়াও ৰাজহুৱা কৰা পৰিলক্ষিত নোহোৱাত ই এক ৰহস্য হৈয়ে থাকিল৷
আনহাতে কাৰ্বি আংলং জিলাৰ এই অবৈধ কয়লা সৰবৰাহৰ ওপৰত বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমত বাতৰিও প্ৰকাশ পাই অহাৰ পিছতো কিন্ত কিয় ৰাজ্য চৰকাৰ তথা বিভাগীয় মন্ত্ৰী ছুম ৰংহাং আৰু আৰক্ষী প্ৰশাসনে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই, সেয়া বিচাৰ্যৰ বিষয় বুলি অভিযোগ আনে ছাত্ৰ নেতাগৰাকীয়ে৷ এই অবৈধভাৱে কয়লা খনন হোৱা স্থান সমূহ অতি দুৰ্গম হোৱা বাবেই উক্ত স্থানসমূহলৈ সাধাৰণ লোক যোৱাতো সম্ভৱ নোহোৱাৰ উপৰি তাত মানুহৰ জীৱনৰ প্ৰতিও চৰম সংশয় থাকে৷
ক’ল ইণ্ডিয়া লিমিটেডে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন স্থানত থকা কয়লাসমূহ সম্পূৰ্ণৰূপে পূৰঠ নোহোৱাৰ বাবে ইয়াৰ খননৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পাছতো সেই নিষেধাজ্ঞাক অংগুষ্ঠ প্ৰদৰ্শন কৰি আৰক্ষী প্ৰশাসন, বন বিভাগ, মন্ত্ৰী-বিধায়কৰ চকুৰ সন্মুখতে এনেদৰে অবৈধভাৱে কয়লা খনন চলি আছে৷ সেয়েহে এনেদৰে জিলাখনত অবৈধভাৱে চলি থকা কয়লাৰ খনন কাৰ্য শীঘ্ৰে বন্ধ নকৰিলে ছাত্ৰ সন্থাই উক্ত খননস্থলীসমূহত উপস্থিত হৈ খনন কাৰ্য বন্ধ কৰি দিব বুলি হুংকাৰ দিয়াৰ লগতে এই ক্ষেত্ৰত সৃষ্টি হ’ব পৰা যিকোনো অনাকাংক্ষিত পৰিস্থিতিৰ বাবে বিভাগীয় মন্ত্ৰী ছুম ৰংহাং আৰু আৰক্ষী-প্ৰশাসনেই দায়ী হ’ব বুলি সংবাদমেলৰ যোগেদি আছুৰ সাংগঠনিক সম্পাদক বেদান্ত শইকীয়াই সকীয়াই দিয়ে৷ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত পাহাৰীয়া জিলা কাৰ্বি আংলংত এনেদৰে খনিজ সম্পদ ধ্বংস যজ্ঞ অবাধ গতিত অব্যাহত থকাৰ পাছতো বিজেপি শাসিত ৰাজ্যিক চৰকাৰৰ বনবিভাগ তথা কেন্দ্ৰীয় চৰকাৰৰ খনিজ সম্পদ মন্ত্ৰণালয়ে এই অবৈধ কয়লা খনন কাৰ্য ৰোধ কৰাৰ ক্ষেত্ৰত কিবা বাস্তৱ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবনে ? সেয়া এতিয়া জিলাখনৰ সচেতন মহলৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে৷