27
Nov
2018

নগাঁওঃ নগাঁও জিলাৰ ৰাঙলুত নিশা ৰাজেন গোঁহাইৰ কনভয় গাড়ী দুৰ্ঘটনাগ্ৰস্থ হয়। তীব্ৰবেগী তেলৰ ট্ৰেংকাৰে মহতিয়াই নিয়ে ৰাজেন গোহাঁই কনভয় গাড়ী। কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ কেইবাজন লোক।
কামপুৰৰ চাইবুক গাঁৱত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ওভতি অহাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনা গ্ৰস্ত বাহন দুখন নম্বৰ (কনভয় নং) AS30-8069 আৰু (ট্রেংকাৰ নং) AS02AC-9487। আনহাতে ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ ট্ৰাক খন জব্দ কৰে।