
খেৰণিঃ বৈঠালাংছ' বিধানসভা সমষ্টি তথা পশ্চিম কাৰ্বি আংলঙৰ কাৰ্বি পৰিষদীয় ৰংখাং সমষ্টিত আজি এক উৎসৱমুখৰ পৰিৱেশেৰে পৰম্পৰাগত জনগোষ্ঠীয় নৃত্য গীতেৰে বৃহত্তৰ সমষ্টিটোৰ বিভিন্ন স্থানত কাৰ্বি পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য হৰেনছিং বে'কক উষ্ম আদৰণি আৰু সম্বৰ্ধনা জনাই ৰংখাং সমষ্টিবাসীয়ে।
এক অাৱতৰিয়া দিপাৱলীসদৃশ পৰিৱেশেৰে ভেলাপাৰা, ঘেলানি, সাতগাওঁ, বৰথল, দলনী আদি স্থানত সহস্ৰাধিক পুৰুষ মহিলাই কাৰ্বি, গাৰো, বড়ো জনগোষ্ঠীয় মাফলা, অসমীয়া গামোচা আদিৰে উষ্ম আদৰণি-সম্বৰ্ধনা জনাই নৱ নিযুক্ত কাৰ্যবাহী সদস্যগৰাকীক। শেহতীয়াকৈ কাৰ্যবাহী সদস্যগৰাকীৰ গৃহসমষ্টিৰ দলনিত বৈঠালাংছ' বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং বিজেপি জিলা সমিতিৰ সভাপতি অৰুণ টেৰাং, উপ-সভাপতি দিত্যলাল হাষ্ণু, সাধাৰণ সম্পাদক ৰদীপ ৰংহাং, বিজেপি দলীয় নেতৃবৃন্দৰ উপস্থিতিত এখন আদৰণি সভাও আয়োজন কৰে ৰংখাং মণ্ডল বিজেপিয়ে।
উল্লেখযোগ্য যে, উৎসাহ উদ্দীপনাৰে আয়োজন কৰা আদৰণি আৰু সম্বৰ্ধনা অনুষ্ঠানত হৰ্ষোল্লাহেৰে অংশ লোৱা দুই সহস্ৰাধিক পুৰুষ-মহিলা আৰু ৰাইজক উদ্দেশ্যি নৱ নিৰ্বাচিত কাৰ্বি পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য হৰেনছিং বেয়ে ভাষনত কয় যে মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংঙাৰ অবিহনে কাৰ্বি আংলঙত উন্নয়ণ আৰু বিকাশ কৰাটো অসম্ভৱ, কেৱল ৰংহাঙৰ নেতৃত্বতহে কাৰ্বি আংলঙত সৰ্বাংগিন উন্নয়ণ আৰু বিকাশ সাধন কৰাটো সম্ভৱ বুলি কয় কাৰ্যবাহী সদস্যগৰাকীয়ে৷
পৰিবৰ্তনৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত এতিয়া পূৰ্বৰ তুলনাত আৰু অধিক উন্নয়ণ সাধন, সমস্যা সমাধান, বিকাশ সাধন, নিবনুৱা সমস্যা, শিক্ষা উন্নয়ণ সাধন আদি ৰংখাং সমষ্টিত সুনিশ্চিতভাৱে হ’ব বুলি কয় হৰেনছিং বেয়ে৷ লগতে নিৰ্বাচনৰ পূৰ্বে আৰু প্ৰাকক্ষণত তুলিৰাম ৰংহাঙ আৰু বেয়ে ৰংখাং সমষ্টিত ৰাইজক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতিয়েই আখৰে আখৰে পালন কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে কাৰ্যবাহী সদস্যগৰাকীয়ে৷
আনহাতে, কাৰ্যবাহী সদস্যগৰাকীয়ে ইতিমধ্যে কাৰ্বি পৰিষদৰ অধীনত থকা গড়কাপ্তানী বিভাগৰ দায়িত্ব লাভ কৰিছে। গতিকে এই ক্ষেত্ৰত নিজৰ সমষ্টিসহ কাৰ্বি পৰিষদৰ মুঠ ২৬ সমষ্টিতে সমানে সমান্তৰালকৈ উল্লেখিত বিভাগটোৰ জৰিয়তে তেওঁ বাট পথ উন্নয়ন, পকীকৰণ আদিৰ কাম কৰি যাব বুলি কয় সাংবাদিকৰ আগত।