
কাজিৰঙাঃ ২৭ নৱেম্বৰৰপৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হােৱা বিৰল প্ৰজাতিৰ দল হৰিণ সমীক্ষাৰ বৃহস্পতিবাৰে ফলাফল ঘােষণা কৰা হয়। ২০১৮ বৰ্ষৰ এই গণনা মতে ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ ৯০৭ টা দল হৰিণ পােৱা যায়। ইয়াৰে মতা দল হৰিণ ২৩৫ টা, ৫০৫ জনী মাইকী আৰু ১৬৭ চেমনীয়া পোৱালি দল হৰিণ পােৱা হয়। ২৭ নৱেম্বৰত কাজিৰঙাৰ শতবর্ষ সমাৰােহ প্ৰেক্ষাগৃহত আয়োজিত দল হৰিণ সমীক্ষাৰ প্ৰশিক্ষণৰ পাছত ২৮ নৱেম্বৰত পুৱাৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ ২৪ টা ব্লকত একেসময়তে গণনা কাৰ্য আৰম্ভ কৰা হয়।
কাজিৰঙাৰ অন্তৰ্গত ২২ টা ব্লক পূৱ অসম বন্যপ্রাণী সংমণ্ডলত আৰু ২ টা ব্লক বিশ্বনাথ বন সংমণ্ডলত এই সমীক্ষা চলােৱা হয়। গণনাৰ শেষত সংগৃহীত তথ্য অনুসৰি পূৱ বনাঞ্চলৰ ৪ নম্বৰ ব্লকত ১৫৬ টা হৰিণ, কেন্দ্রীয় বনাঞ্চল, কহঁৰাৰ ৮ টা ব্লকত ৩৫০ টা হৰিণ, পশ্চিম বনাঞ্চল বাগৰিৰ ৭ টা ব্লকত ৩২৩ টা হৰিণ, বুঢ়াপাহাৰ বনাঞ্চলৰ ৩ টা ব্লকত ২২ টা আৰু বিশ্বনাথ বন সংমণ্ডলৰ ২ টা ব্লকত ৫৬ টা দল হৰিণ পােৱা যায়।
উল্লেখ্য যে, এই সমীক্ষা ৰাষ্ট্ৰীয় উদ্যান খনৰ দল হৰিণৰ পােৱালী জন্ম দিয়াৰ আগত কৰা গণনা। কাজিৰঙাত বন বিভাগৰ লোকৰ লগতে বে-চৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰু প্ৰকৃতি প্ৰেমীয়েও পোহনীয়া হাতীৰ পিঠিত উঠি দল হৰিণা গণনাৰ কাৰ্যত সহযোগিতা আগবঢ়াইছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াভাৱে ২০১৬ চনত হোৱা দল হৰিণা গণনাত ১,১৪৮ টা দল হৰিণা পোৱা গৈছিল, ইয়াৰে ২৮৪ টা মতা, ৬০৪ টা মাইকী, ১৭৬ টা পোৱালি আৰু ৮৪ টা এবছৰৰ তলৰ পোৱালি দল-হৰিণ পোৱা গৈছিল৷ ইফালে, বিগত দুটা বছৰত ৰাষ্ট্ৰীয় উদ্যানখনত হোৱা দুটাকৈ ব্ৰহ্মপুত্ৰৰ প্ৰলয়ংকাৰী বানপানীৰ পাছত হোৱা এই দল হৰিণাৰ সমীক্ষা উদ্যানখনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে৷ আনহাতে যোৱা দুটা বৰ্ষত বানপানীত আন বন্য প্ৰাণীৰ লগতে বহু সংখ্যক দল হৰিণা মৃত্যুমুখত পৰাৰ বাবে দল হৰিণাৰ সংখ্যা হ্ৰাস পোৱা বুলি বিভাগীয় সুত্ৰত প্ৰকাশ কৰা হয়৷