
তেজপুৰঃ শোণিতপুৰৰ ৰঙাপাৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ১ নং চিলনী প্ৰাথমিক বিদ্যালয় চৌহদত নিৰ্বাচনী বিধি উলংঘা কৰি কংগ্ৰেছ প্ৰাৰ্থীৰ পষ্টাৰ লগোৱাৰ ঘটনাই অঞ্চলটোৰ সচেতন ৰাইজক সচকিত কৰি তুলিছে৷
বিদ্যালয়খনৰ চৌহদৰ এজোপা গছত ৫৫ নং চিলনী গাওঁ পঞ্চায়তৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী অাজেন পায়েং আৰু অাঞ্চলিক পদৰ প্ৰাৰ্থী চন্দ্ৰ বাহাদুৰ ৰায়ৰ ফটো সম্বলিত পষ্টাৰ আজি পুৱা ৰাইজ তথা বিদ্যালয় কৰ্তৃপক্ষই প্ৰত্যক্ষ কৰে৷