
বটদ্ৰৱাঃ জাজৰী আৰক্ষী থানাৰ অন্তৰ্গত নগাঁও-ধিং-মৈৰাবাৰী সংযোগী অতি ব্যস্ত গড়কপ্তানী পথচোৱাত সংঘটিত হয় এক পথ দূৰ্ঘটনা৷ এই ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হোৱা বুলি জানিব পৰা যায়৷
উল্লেখ্য যে, নগাঁও-ধিং-মৈৰাবাৰী গড়কপ্তানী পথৰ গংগা ধাবাৰ সন্মুখত নগাঁও অভিমুখী এখন তীব্ৰবেগী মটৰ চাইকেল আৰু ব্ৰইলাৰ মূৰ্গী পৰিবহনকাৰী মিনি ট্ৰাকৰ মাজত হোৱা সংৰ্ঘষত মটৰ চাইকেল আৰোহী কেইজনৰ ভিতৰত নিহত হাইডুবি বাটমাৰীৰ চফুৰ উদ্দিন আৰু মুকচিদুল নামৰ আনজন আৰোহী গুৰুতৰভাৱে আহত হয়৷ আহত যুৱকজনক মূমুৰ্ষ অৱস্থাত একাংশ লোকে নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে৷
দূৰ্ঘটনা প্ৰত্যক্ষ কৰি ৰাইজে বহুবাৰ ১০৮ সেৱালৈ যোগাযোগ কৰে যদিও বহু সময় পাৰ হৈ যোৱাৰ পাছতো কোনো ধৰণৰ সহাঁৰি লাভ নকৰাৰ লগতে জাজৰি আৰক্ষীৰ লোকসকলো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷