চতুৰ্থ বৰ্গৰ চাকৰি কৰা পিতৃ দেৱেন হালৈকলৈ গৌৰম্বিত বিষয়া কৰ্মচাৰী
এনে পিতৃ মাতৃয়ে সন্মানৰ পাত্ৰ -- হেমন্ত দেউৰী ভৰালী

ৰঙিয়াঃ সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভূমি আৰু ৰাজহ সেৱাত অসমৰ ভিতৰত ৫৪ তম্ স্থান দখল কৰিৱলৈ সক্ষম হোৱা ৰঙিয়াৰ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মৃণাল হালৈক আজি ৰঙিয়া গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকলে সম্ভৰ্ধণা জনায় । ৰঙিয়া গড়কাপ্তানি বিভাগৰ চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী দেৱেন হালৈৰ পুত্ৰ মৃণাল হালৈয়ে অতিকষ্টৰে অধ্যায়ন কৰি এনেদৰে অসম লোক সেৱা আয়োগৰ পৰীক্ষাত সফলতা লাভ কৰাত গৌৰম্বিত হৈ পৰিছে ৰঙিয়া গড়কাপ্তানি বিভাগৰ সমুহ বিষয়া তথা কৰ্মচাৰী সকলে । আজি মেধাৱী ছাত্ৰ জনকৰ লগতে পিতৃ আৰু পৰিয়ালৰ সদস্য সকলক সম্ভৰ্ধণা জনোৱাৰ উদ্দেশ্যে বিভাগটোৰ কাৰ্য্যালয় চৌহদত এখন সম্ভৰ্ধণা সভাৰ আয়োজন কৰা হয় ।
ৰঙিয়া গড়কাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্য্যবাহী অভিযন্তা হেমন্ত দেউৰী ভৰালীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত বিভাগটোৰ মুল কাৰ্যালয়ৰ লগতে ৰঙিয়া, গোৰেশ্বৰ উপসংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকল উপস্থিৰ থাকে । বিষয়া কৰ্মচাৰীৰ লগতে প্ৰায় দুইশতাধিক বিভাগীয শ্ৰমিক উপস্থিত থকা সভাখনত মৃণাল হালৈৰ লগতে ৰঙিয়া গড়কাপ্তানি বিভাগৰ শ্ৰমিক পিতৃ দেৱেন হালৈক শঁৰাই ফুলাম জাপি, ফুলাম গামোচা আৰু মানপত্ৰৰে সম্ভৰ্ধণা জনোৱা হয় । সভাত বিভাগটোৰ কেইবাজনো বিষয়া কৰ্মচাৰীয়ে বক্তব্য ৰখাৰ লগতে বিভাগটোৰ কাৰ্য্যবাহী আভিযন্তা গৰাকীয়ে ভাষণ ৰাখে । ভাষণ প্ৰসংগত কাৰ্যবাহী অভিযন্তা হেমন্ত দেউৰী ভৰালীয়ে কয় যে ৰঙিয়া গড়কাপ্তানি বিভাগৰ শ্ৰমিক দেৱেন হালৈৰ পুত্ৰ মৃণাল হালৈক লৈ ৰঙিয়া বাসীৰ লগতে বিশেষকৈ ৰঙিয়া গড়কাপ্তানি বিভাগৰ সমুহ কৰ্মচাৰীয়ে অধিক উৎফুল্লিত তথা গৌৰম্বিত হৈ পৰিছো । আমাৰে এজন শ্ৰমিক কৰ্মচাৰীৰ পুত্ৰ মৃণাল হালৈয়ে দৰিদ্ৰতাক নেঁওচী নিজৰ মেধা শক্তিৰ পৰিচয় দিয়াটো বৰ্তমান সময়ত এটা ডাঙৰ কথা বুলি কাৰ্যবাহী অভিযন্তা গৰাকীয়ে উল্লেখ কৰে । পিতৃ দেৱেন হালৈয়ে গড়কাপ্তানি বিভাগত কৰ্মৰতহৈ অতি সামন্য টকাৰে ঘৰখনৰ চাৰিজনীয়া পৰিয়ালটোক পোহপাল দিয়াৰ উপৰিও নিজৰ সন্তান কেইটাক এনেদৰে মানুহ কৰাৰ বাবে যেনে দৰে আপ্ৰাণ চেষ্ঠা চলাইছে ই এক ডাঙৰ কথা । সেই বাবে এনে পিতৃ মাতৃ সমজত প্ৰকৃততে সন্মানৰ পাত্ৰ বুলি কাৰ্যবাহী অভিযন্তা গৰাকীয়ে উল্লেখ কৰে ।
দেৱেন হালৈৰ দৰে আদৰ্শবান পিতৃৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হোৱাৰ বাবে আজি ৰঙিয়া গড়কাপ্তানি বিভাগৰ ফিল্ডত কৰ্মৰত প্ৰতিগৰাকী শ্ৰমিক কৰ্মচাৰীৰ লগতে ৰঙিয়া গোৰেশ্বৰ আৰু কমলপুৰৰ বিভাগীয় বিষয়া কৰ্মচাৰী সকলক সম্ভৰ্ধণা সভালৈ আমন্ত্ৰন কৰা বুলিও বিষয়া গৰাকীয়ে উল্লেখ কৰে । সভাখনত ৰঙিয়া গড়কাপ্তানি বিভাগৰ গ্ৰাম্য উপ পথ সংমণ্ডলৰ সহঃঅভিযন্তা তপন কুমাৰ পাল, গোৰেশ্বৰ উপসংমণ্ডলৰ সহঃ অভিযন্তা দীপক মজুমদাৰ, বিভাগটোৰ কনিষ্ঠ অভিযন্তা ক্ৰমে গনেশ ডেক, ধীৰেন কলিতা, হিতেশ তালুকদাৰ, গোপেশ তালুকদাৰ, গজেন বৈশ্যৰ লগতে ৰঙিয়া গড়কাপ্তানি বিভাগৰ উচ্চবৰ্গৰ সহায়ক লক্ষীকান্ত হালৈ, উপ সংমণ্ডলৰ প্ৰণমেশ ভট্ৰচাৰ্য্য উপস্থিত থাকে । সভাখনত বিভাগটোৰ কৰ্মচাৰী হিৰেণ দাস, ভূপেন শালৈ,দীনেশ হিৰা, আদিয়ে ভাষণ ৰাখে । সভাত উপস্থিত থাকা মৃণাল হালৈৰ পিতৃ হালৈয়ে সকলোৰে উদ্দেশ্যে বক্তব্য ৰাখি কয় যে তেওৰ পুত্ৰ মৃণালৰ এনে সফলতাত তেও বহুত উৎফুল্লিত হৈ পৰিছে । গড়কাপ্তানি বিভাগত শ্ৰমিক হিচাপে কৰ্মৰত হৈ থাকি অতিকষ্টৰে যেনেধৰণে পৰিয়ালটোৰ দায়িত্ব পালন কৰি লৰা ছোৱালী কেইটাক শিক্ষিত কৰাৰ বাবে চেষ্টা কৰিছে সেইটো এতিয়াহে সফল হোৱা যেন অনুভৱ হৈছে বুলি হালৈয়ে উল্লেখ কৰে ।
আনহাতে সভাখনত উপস্থিত থাকি মেধাৱী ছাত্ৰ মৃণাল হালৈয়ে আজি পিতৃৰ কাৰ্যালয়ৰ তৰফৰ পৰা পিতৃৰ লগতে তেওক এনেদৰে সন্মান জনোৱাত কৃতজ্ঞতা প্ৰকাশ কৰে । পিতৃয়ে অতি কম দৰমহাৰে তেওক এনেদৰে মানুহ হোৱাৰ পথ দেখুৱাৰ বাবে পিতৃ মাতৃক প্ৰণাম জনায় । উল্লেখযোগ্য যে ৰঙিয়া মধ্যপাণ্ডূৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যায়ন কৰা মৃণাল হালৈয়ে ৰঙিয়া মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিভাগত স্নাতকত উত্তীৰ্ণ হৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্বৰ ডিগ্ৰী লাভ কৰিছিল । ইয়াৰ পিচতো মৃণালে অশেষ কষ্ট কৰি অধ্যায়ন অব্যাহত ৰাখি টেটৰ শিক্ষক হিচাপে ৰঙিয়া হিন্দী হাইস্কুলত যোগদান কৰে । শিক্ষকতা কৰি থকা অৱস্থাতে বি এড ডিগ্ৰী লাভ কৰি গুৱাহাটীৰ এটা প্ৰতিষ্ঠানত এ পি এছ চি ৰ প্ৰশিক্ষণ লৈছিল । ইয়াৰ ফলশ্ৰুতিত মেধাৱী ছাত্ৰ মৃণাল হালৈয়ে এইবাৰ অসম লোক সেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত হোৱা এপিএচ চি পৰীক্ষাত সফলতা লাভ কৰিৱলৈ সক্ষম হয় ।