ঢকুৱাখানাঃ পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে ঢকুৱাখানাৰ মহুকুমাধিপতি অৰিন্দম বৰুৱাৰ অ-দুৰদৰ্শিতাৰ ফলত অতি নিম্ন মানৰ খাদ্য-পানী গ্ৰহন কৰিবলগীয়া অৱস্থা হৈছে৷ আমাৰ সংবাদদাতাই সংগ্ৰহ কৰা তধ্য অনুসৰি চৰকাৰী নিয়মমতে পাবলগীয়া সা-সুবিধা সমুহৰ পৰা বঞ্চিত হৈছে নিজৰ ঘৰ-বাৰী,পৰিয়াল-পৰিজন এৰি কৰ্তৱ্য পালন কৰিবলৈ বিভিন্ন স্থানৰ পৰা যোৱা চৰকাৰী কৰ্মচাৰী সকল৷ আমি লাভ কৰা তথ্য অনুসৰি চৰকাৰে খাদ্যৰ নামত যোগান ধৰা অতি নিম্ন মানৰ খাদ্যৰ বাবে পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে হাতত ভাতৰ থাল লৈ মহুকুমাধিপতিৰ কাৰ্য্যালয়ত প্ৰতিবাদ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ মুঠতে পঞ্চায়তৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলৰ থকা-খোৱা দিশত কোনোধৰনৰ ভাল ব্যৱস্থা নথকাৰ ফলত  নিৰ্বাচনৰ দায়িত্ব পালন কৰিবলৈ যোৱা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে জীয়াতু ভুগিবলগীয়া হৈছে৷