দৰংঃ দৰঙৰ মংগলদৈৰ বোৱাৰী বিতুমনি হাজৰিকাক যোৱা তিনি ডিচেম্বৰত অতি নিৰ্মমভাৱে জ্বলাই হত্যা কৰাৰ প্ৰতিবাদত আজি দৰঙৰ দলগাঁৱৰ ৰাজপথত এক বৃহৎ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে৷ দলগাঁৱৰ জীয়ৰী বিতুমনি হাজৰিকাক মংগলদৈৰ নাহৰবাৰীত থকা স্বামীগৃহৰ পৰিয়ালে বিতুমনিক জ্বলাই হত্যা কৰা অভিযোগ তুলি আজিৰ প্ৰতিবাদত কেইবা শতাধিক পুৰুষ মহিলাই দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল উলিয়াই বোৱাৰী বিতুমনি হাজৰিকাক হত্যা কৰা স্বামী কিৰিতি বৰুৱাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে৷

লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰক, হত্যাকাৰীক ফাঁচী দিয়ক, বিতুমনি হত্যাৰ ন্যায় লাগে আদি শ্ল'গানেৰে দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে৷ হত্যাকাৰী মুল অপৰাধী তৃতীয় অসম আৰক্ষী বেটেলিয়নত কৰ্মৰত জোৱান কিৰিটি বৰুৱাক আজিলৈ আটক কৰিবলৈ সক্ষম নহ’ল অসম আৰক্ষীয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত আছু, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, দলগাঁও মহিলা সমিতি আদি সংগঠনসমূহে পুৰ্ণ সহযোগ আগবঢ়ায়৷ 

অতি শীঘ্ৰে আৰক্ষীয়ে হত্যাকাৰী কিৰিটি বৰুৱাক গ্ৰেপ্তাৰ নকৰিলে তীব্ৰ আন্দোলনৰ ভাবুকী দিয়ে প্ৰতিবাদকাৰী সকলে৷ উল্লেখ্য যে, আজিৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ নেতৃত্ব লয় অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰণ সম্পাদক মহম্মদ খলিফাৰ লগতে আছু, দলগাঁও মহিলা সমিতিৰ নেতৃবৰ্গই৷ কাৰ্য্যসূচীটোত স্বতঃস্ফূর্তভাৱে দলগাঁৱৰ ৰাইজে পুৰ্ণ সহযোগ আগবঢ়ায় পৰিৱেশ উত্তাল কৰি তুলিছে বুলি জানিব পৰা গৈছে৷