♦ নলবাৰীত ভোটদান নকৰাকৈয়ে উভটিল বহু ভোটাৰ

নলবাৰীঃ ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ দেওবাৰে হৈ যায়l নলবাৰী জিলাকে ধৰি মুঠ ১০ খন জিলাত হৈছিল ভোট গ্ৰহণ৷

এনেদৰে এতিয়া ভোটাৰ ৰাইজে নিজ নিজ ভোটাধিকাৰ সাব্যস্ত কৰি প্ৰাৰ্থী সকলৰ ভাগ্য বন্দী কৰিছে বেলেট বাকচসমূহত। নলবাৰী সদৰ বিধান সভা সমষ্টিৰ ৭ নং পূব বাঁহজানী গাঁও পঞ্চায়তৰ তিলানা ৬৫৬ নং প্ৰাথমিক  বিদ্যালয়ত পুৱাৰেপৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গ'ল ৷ কেন্দ্ৰটোৰ মুঠ ভোটাৰ সংখ্যা আছিল ১১০৯ গৰাকী৷ উক্ত কেন্দ্ৰটোত ভোটদাতাৰ সংখ্যা যথেষ্ট হোৱাত আৰু মাত্ৰ এটা কেন্দ্ৰ হোৱাত বহুখিনি  অসুবিধাৰ সৃষ্টি হৈছিল৷

আনকি একাকংশ ৰাইজ ভোটদানৰ কৰিব আহি ভোটদান নকৰাকৈ ঘৰলৈ  ঘূৰি যোৱাও পৰিলক্ষিত হয়৷  উল্লেখ্য যে কেন্দ্ৰটোৰ অধিনৰ ত্ৰিকেন কলিতা নামৰ গাঁখনৰ এজন যুৱ ভোটাৰ ভোট দিব আহি বহু সময় শাৰী পাতি থিয় হোৱাত অচেতন হৈ পৰি যায়৷ অৱশ্যে পাছত লগে লগে ভোট কেন্দ্ৰৰপৰা তেওঁক পৰিয়ালৰ লোকে চিকিৎসাৰ বাবে লৈ যায়৷

ইফালে, গাঁৱৰ উন্নয়নৰ স্বাৰ্থত তথা এখন সুস্থ আৰু নিকা পঞ্চায়ত গঠনৰ বাবে ভোটাৰ সকলে যোগ্য প্ৰাৰ্থীক ভোটদান কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ  দিয়ে৷ নলবাৰী জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তাৰে অনুস্থিত কৰা ভোট কেন্দ্ৰটোত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ সমাপ্ত হয় বুলি জানিব পৰা গৈছে ৷ ৬৫৬ নং ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাৰৰ সংখ্যালৈ লক্ষ্য কৰি নিৰ্ধাৰিত সময়তকৈও বহু পলমকৈ নিশালৈকে লাইটৰ পোহৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া চলাবলগীয়াও হয় নিৰ্বাচনৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰী সকলে ৷ 

এইবেলি পঞ্চায়ত নিৰ্বাচনত বাঁহজানীত জিলা পৰিষদত প্ৰায় ৭৮ শতাংশ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি পচন্দৰ প্ৰাৰ্থীক ভোটদান কৰা পৰিলক্ষিত হয়৷

ইতিমধ্যেই ভোটদান সাব্যস্ত হোৱাৰ পাছত নলবাৰী সমষ্টিৰ বাঁহজানী জিলা পৰিষদৰ সদস্য, ৪ গৰাকী গাঁও পঞ্চায়তৰ সভাপতি,আঞ্চলিক সদস্যৰ লগতে গাঁওসভাৰ সদস্যৰ ভাগ্য বেলট বাকচত বন্দী হৈ আছে যদিও বিজয়ৰ শেষ হাঁহি কোনে মাৰিব সেয়া অহা ১২ ডিচেম্বৰত ভোটগণনাৰ অন্ততহে স্পষ্ট হ’ব৷