মৰিয়নীঃ মৰিয়নীৰ চেলেংহাট আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। টিয়ক থানাৰ অন্তৰ্গত চেলেংহাট উপ-আৰক্ষী চকীটোৰ সহ-উপ পৰিদৰ্শক পদ্মধৰ কলিতা নামৰ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ধনদাবীৰ অভিযোগ তুলে স্থানীয় লোকৰ লগতে আটাছুৰ আঞ্চলিক সমিতিয়ে৷

আৰক্ষী বিষয়াজনে যান-বাহন তালাচী কৰাৰ নামত সাধাৰণ ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উথাপন হৈছে৷ যোৱা দেওবাৰেও স্থানীয় লোক এজনৰ ঘৰলৈ গৃহ নিৰ্মাণৰ সামগ্ৰী আনা এখন টাটা মিনি ট্ৰাকৰপৰা ধন দাবীক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আৰক্ষী চকীত।

সুবিধা বুজি তালাচীৰ নামত  যান-বাহনৰ গৰাকীক ভয়-ভাবুকি আৰু ধন দাবীৰে সন্ত্ৰাস সৃষ্টি কৰা আৰক্ষী বিষয়া পদ্মধৰ কলিতাক নিলম্বনৰ দাবীত আটাছুৱে ঘেৰাও কৰিলে চেলেংহাট আৰক্ষী চকী৷ অৱশ্যে আৰক্ষী বিষয়াজনে এই অভিযোগ অস্বীকাৰ কৰিছে।