গুৱাহাটীঃ অসমৰ জাতীয় সংগঠন জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পদৰপৰা অপসাৰিত হ'ব লগীয়া হৈছে পুতুল দত্ত। সংগঠনটোৰ প্ৰাথমিক সদস্য পদৰপৰাও তেওঁক অপসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি বাতৰিত প্ৰকাশ।

সংগঠনটোৰ এজন বিষয়ববীয়াই নিউজ নেক্সট ৱানক জানিবলৈ দিয়ে যে তিনিচুকীয়া জিলাৰ এগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰাৰ বাবেই নেতাজনক সভাপতিৰ দায়িত্বৰপৰা পদত্যাগ কৰাৰ বাবে ২৮ নৱেম্বৰত অনুষ্ঠিত কাৰ্যনিৰ্বাহকে নিৰ্দেশ দিছিল।

ইফালে, নিলম্বন কৰাৰ পাছতেই দত্তই সক্ৰিয় ৰাজনীতিলৈ যোৱাৰ যো-জা চলাইছে বুলি জানিব পৰা গৈছে। আঞ্চলিক দল অসম গণ পৰিষদত যোগদান কৰি বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে নিলম্বিত নেতাজনে মন মেলিছে সন্দহ ব্যক্ত কৰে তেওঁৰেই একালৰ এজন সতীৰ্থই। অৱশ্যে অ গ পই তেওঁক আদৰি ল'ব নে নলয় সেয়া সময়তহে জানিব পৰা যাব।