নগাঁও/বটদ্ৰৱাঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ তথা এক শৰণ নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে শ্ৰীশ্ৰী শলগুৰি আৰু নৰোৱা সত্ৰই গ্ৰহণ কৰি অাহিছে বিভিন্ন পদক্ষেপ ৷

এই ক্ষেত্ৰত নতুন সংযোজন ঘটাই সোমবাৰে সূচনা হ'ল এক নতুন অধ্যায়ৰ৷ ৰাজ্যৰ ভিন্ন স্থানত বটদ্ৰৱা থানৰ শাখা সত্ৰসমূহ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছিল যদিও ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰ ৰাজধানী গুৱাহাটীত হোৱা নাছিল এই শাখাৰ আৰম্ভনি৷

এই অতি প্ৰয়োজনীয় অভাৱ পূৰণ কৰি ৰাজ্যৰ ৰাজধানীত শুভাৰম্ভ হ'ল বটদ্ৰৱা থানৰ গুৱাহাটী শাখা সত্ৰৰ বীজ ৰোপণৰ শুভ কৰ্ম৷ অতি প্ৰয়োজনীয় এটি অভাৱ পূৰণ কৰি আজি পুৱা শতাধিক ভকত-বৈষ্ণৱ তথা স্থানীয় ভক্তপ্ৰাণৰ উপস্থিতিত গুৱাহাটীৰ ঊষা নগৰ, বৰবাৰীত শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ শাখা সত্ৰৰ মনিকূটৰ অাধাৰশিলা স্থাপন কৰা হয়৷

শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে গায়ন-বায়নৰ খোল-তাল-দবা-কাঁহৰ মাংগলিক ধ্বনিৰ মাজত সম্পূৰ্ণ সত্ৰীয়া ৰীতি-নীতিৰে নিৰ্মাণ হ'বলগীয়া মনিকূটভাগৰ আধাৰশিলা স্থাপন কাৰ্যৰ শুভাৰম্ভ কৰে৷

অনুস্থানত বটদ্ৰৱাৰ দুইখন সত্ৰৰ লগতে গুৱাহাটীৰ বহু কেইগৰাকী বৈষ্ণৱ-ভকত উপস্থিত থাকি ঐতিহাসিক কৰ্মভাগীৰ সাক্ষী হৈ ৰয়৷ অাধাৰশিলা অনুষ্ঠানৰ পাছত প্ৰস্তাৱিত শাখা সত্ৰৰ ভূমিত নাম-কীৰ্তন অনুস্থিত কৰি গুৰুজনাৰ হৰি নামৰ গুণানুকীৰ্তন কৰে শতাধিক ভকত-বৈষ্ণৱে ৷ নাম-কীৰ্তনৰ পাছত প্ৰসাদ বিতৰণৰ লগতে লঘূ আহাৰ গ্ৰহণ কৰি সকলোৱে আন্তৰিক আনন্দ প্ৰকাশ কৰা পৰিলক্ষিত হয়৷