10
Dec
2018

তেজপুৰঃ শোনিতপুৰ জিলাৰ নদুৱাৰ অন্তৰ্গত জামুগুৰিহাটৰ টৌভঙা অঞ্চলত সোমবাৰে প্ৰায় ১১ বজাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
তেজপুৰৰপৰা তীব্ৰ গতিৰে অহা এখন আলট্ৰা বাছে এ এছ ১২ এল ৪৭২৩ নম্বৰৰ বাইক আৰোহী স্বামী, পত্নী আৰু কন্যাক খুন্দিয়াই পলায়ন কৰে। দুৰ্ঘটনাটোত থিতাতে নিহত হয় একেটা পৰিয়ালৰ তিনিজন লোক। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই তিনি ব্য়ক্তি।
দুৰ্ঘটনাৰ সাম্ভাব্য় স্থান হিচাপে পৰিচিত টৌভঙা অঞ্চলত প্ৰায়ে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ থকাৰ ফলত ৰাইজক গতিৰোধকৰ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস দিছে জামুগুৰিৰ আৰক্ষী বিষয়া বিশ্বজিৎ মেধিয়ে।