
মৰিয়নীঃ ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মৰিয়নীতো বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত আছে। হাতীৰ গচকত প্ৰাণ গ'ল খৰীকটীয়া চাহ বাগিছাৰ ১ নং লাইনৰ শংকৰ কৰ্মকাৰ নামৰ লোকজনৰ।
শনিবাৰে পুৱা চাহ বাগিচালৈ গৈ থকা অৱস্থাত বাগিচাখনৰ ৭ নম্বৰ লাইনত অৱস্থান কৰি থকা বনৰীয়া হাতী এটাই তেওঁক আক্ৰমণ কৰে । হাতীৰ গচকত লোকজনে থিতাতে মৃত্যুক আঁকোৱালি লয়।
স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে। উল্লেখ্য যে বিগত এমাহ ধৰি বনৰীয়া হাতীৰ জাক এটাই মৰিয়নীৰ খৰিকতীয়া বাগিচাত ধাৰাবাহিকভাৱে উপদ্ৰৱ চলাই আহিছে যদিও হাতীৰ উপদ্ৰৱৰপৰা ৰক্ষা কৰাত বন বিভাগ চৰমভাৱে ব্যৰ্থ হোৱাৰ অভিযোগ উঠিছে।
ইফালে হাতীৰ আক্ৰমনত নিহত শংকৰ কৰ্মকাৰৰ পৰিয়ালক দশ লাখ টকা ক্ষতিপূৰণ প্ৰদান আৰু হাতী মানুহৰ সংঘাট ৰোধ কৰাত বন বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত ৰাইজে হাতীৰ আক্ৰমণত নিহত শংকৰ কৰ্মকাৰৰ মৃতদেহ পথত লৈ অৱৰোধ কৰে মৰিয়নী তিতাবৰ সংযোগী ধোদৰ আলি। ধোদৰ আলি অৱৰোধৰ ফলত বহুসংখ্যক যান বাহন আবদ্ধ হৈ পৰে।