গুৱাহাটীঃ ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰপৰা আৰম্ভ হ'ব ২০১৯ বর্ষ মেট্ৰিক পৰীক্ষাৰ। এই কথা ঘোষণা কৰিছে ছেবাই। অৱশ্যে পৰীক্ষাৰ তাৰিখ এতিয়াও প্ৰকাশ কৰা নাই ছেবাই।

ছেৱাই মেট্ৰিক পৰীক্ষা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জাৰি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ নির্দেশনা। সেই অনুযায়ী প্ৰতিটো পৰীক্ষাৰ কেন্দ্ৰত থাকিব লাগিব চি চি টি ভি ব্যৱস্থা। চি চি টি ভিৰ ব্যৱস্থা নাথাকিলে কেন্দ্ৰটোৱে পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ বাবে অনুমতি নাপাব। ইয়াৰ উপৰিও পৰীক্ষাৰ্থীয়ে ক'লা চিয়াঁহীহে ব্যৱহাৰ কৰিব লাগিব। পৰীক্ষাৰ সময়সূচী শীঘ্ৰে প্ৰকাশ কৰা হ'ব বুলিও ছেৱাই জানিবলৈ দিয়ে।

নতুন নিৰ্দেশনা মতে, পৰীক্ষাৰ্থীয়ে অতিৰিক্ত পৃষ্ঠা ল'লে নিৰীক্ষকে স্বাক্ষৰ কৰাৰ সলনি লিখিব লাগিব তেওঁৰ সম্পূৰ্ণ নাম। ইফালে প্ৰতিখন উত্তৰ বহীত বাৰক'ড থাৰিব।

২০১৯ বৰ্ষৰ চৰকাৰী বন্ধ তালিকা প্ৰকাশ নকৰাৰ বাবে এই পৰ্যন্ত মেট্ৰিকৰ সময়সূচী ঘোষণা কৰিব পৰা নাই বুলি ছেবাই জানিবলৈ দিয়ে। ৰাজ্যখনত মুঠ ৮৭৮টা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ'ব।