
নগাঁওঃ নগাঁও জিলা উপায়ুক্ত সভাকক্ষত জিলা ন্যায় সেৱা প্ৰাধিকাৰী আৰু গুৱাহাটীস্থিত স্বেচ্চাসেৱী অনুষ্ঠান গ্ল’ডৰ সহযোগত মানৱ সৰবৰাহ সম্পৰ্কীয় এখনি প্ৰশিক্ষণ সজাগতা অনুষ্ঠিত হৈ যায়।
এই শিৱিৰত অংশগ্ৰহণ কৰি বিনামুলীয়া আইন সাহায্য কোষৰ অধিবক্তা তথা লোক অভিবক্তাসকলৰ বাবে এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয় এই শিবিৰত গ্ল’ডৰ সম্পাদক ৰাজিৱ শৰ্মা,ৰাজ্যিক আইন কোষৰ সম্পাদিকা গীতালি ৰাভা,নগাঁও জিলা তথা সত্র ন্যায়াধীশ ৰীতা ক'ৰ,জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰা আদিয়ে অংশ গ্ৰহণ কৰে।
নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে আঁত ধৰি শিশু-যুৱতীকে ধৰি মানৱ সৰবৰাহৰ বিষয়ে বিভিন্ন সমস্যা ৰাজিৰ সন্দৰ্ভত বহলভাৱে ব্যাখ্যা দাঙি ধৰে।
সজাগতা সভাখনিত নগাঁও আইন সেৱা প্ৰাধিকাৰী আইন সেৱা কোষৰ সকলো অধিবক্তা উপস্থিত থকা প্ৰশিক্ষণ শিবিৰৰ শলাগৰ শৰাই আগবঢ়ায় অসম ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মীনাক্ষি শৰ্মাই।
উল্লেখ্য যে, প্ৰশিক্ষণ শিবিৰৰ শেষত নগাঁৱত মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্রত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু গ্ল’ডৰ সহযোগত এখন শক্তিশালী কমিটী গঠন কৰা হয়।