গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰ থানা অন্তৰ্গত ঔগুৰি চামাবাৰী গাঁৱত ১৪ ডিচেম্বৰৰ সন্ধিয়া ৫ বজাত দুই যুৱকক বাইক চোৰৰ সন্দেহত ৰাইজে আটক কৰে। এই দুই যুবক ক্ৰমে ৰঙিয়া থানা অন্তৰ্গত হৰিয়নদাব গাঁৱৰ দীপক বৰ্মনৰ পুত্ৰ নৰেশ্বৰ শালৈ (২৬) আৰু আনজন হাজো থানা অন্তৰ্গত বৰম্বৈ গাঁৱৰ বাহাদুৰ দাসৰ পুত্ৰ 
ৰিতেন দাস (২৫) বুলি জানিব পৰা গৈছে।

তথ্য মতে, গাঁৱখনত সন্ধিয়া চাৰি যুবকৰ সন্দেহজনক চাল-চলনত দেখি গাঁৱৰ ৰাইজে যুবকদ্বয়ক আটক কৰে। যদিও আন দুজন পলাই সাৰে। গাঁৱখনত যোৱা কেইদিনমানৰ ভিতৰত তিনিখনকৈ বাইক চুৰি হোৱাৰ পৰিপ্ৰেক্ষিতত গাঁৱৰ ৰাইজে নিশা পহৰাৰো ব্যৱস্থা কৰিছিল।

তেনেস্থলত সন্দেহজনকভাৱে ঘূৰি-ফুৰা যুৱকদ্বয়ক ধৰি উত্তম-মধ্যম দিয়া লগতে লগতে তেওঁলোকে উঠি যোৱা বাইক দুখনো ভাঙি চুৰমাৰ কৰে ৰাইজে। পাছত  ৰাইজে গোৰেশ্বৰ আৰক্ষীক গতাই দিয়ে দুই যুৱক দুজনক। যুৱকদ্বয়ৰপৰা আৰক্ষীয়ে এ এছ ০১ ডি এছ ৭৭১৩ আৰু এ এছ ২৫ এম ২৮১৬ নম্বৰৰ দুখন বাইক দুখন জব্দ কৰিছে।

ইপিনে ধৃত দুই যুৱকে সাংবাদিকক দিয়া ভাষ্য মতে তেওঁলোকে উক্ত অঞ্চলৰে কোনো ব্যক্তিৰ কথামতে মাটিত পুতি থোৱা টকাৰ সন্ধান উলিয়াবলৈ ওজা  লৈ তালৈ আহিছিল।