নলবাৰীঃ নলবাৰী জিলাৰ বাঁহজানীৰ অময়াপুৰৰ বগলচ ৰোড চ'কৰ দুৰ্গেশ্বৰ শৰ্মা স্মৃতি প্ৰকাশনৰপৰা প্ৰকাশিত জেপ আলোচনী -‘গজালি’ৰ তৰফৰপৰা প্ৰদান কৰি অহা 'ধনেশ্বৰী দেৱী সোঁৱৰণী গজালি কাব্য বঁটা' এইবাৰ ২০১৮ বৰ্ষৰ বাবে প্ৰদান কৰা হ’ব বিশিষ্ট কবি বিনয় কুমাৰ মজুমদাৰক। আজি এক বিবৃতি যোগে গজালি সম্পাদক শংকৰ শৰ্মাই অগ্ৰদূতৰ প্ৰতিবেদকক এই বিষয় জানিবলৈ দিয়ে। 

এই বঁটাৰ নগদ ধনৰ লগতে মানপত্ৰ, স্মাৰক, গামোচা, জাপি কিতাপৰ টোপোলা থাকিব বুলি সম্পাদক গৰাকীয়ে জানিবলৈ দিয়ে। কাব্যালোচনী গজালিয়ে ২০১৩ চনৰপৰা কাব্য সাহিত্যত অনবদ্য অৱদান আগবঢ়োৱা কবিলৈ এই বটাঁ প্ৰদান কৰি আহিছে।

২০১৩ চনত অশ্বিনী কুমাৰ শৰ্মা, ২০১৪ চনত বিপুল কুমাৰ দত্ত, ২০১৫ চনত শান্তনু শৰ্মা, ২০১৬ চনত প্ৰণৱ কুমাৰ বৰ্মন, ২০১৭ চনত কমল কুমাৰ জৈনক প্ৰদান কৰা হৈছিল। নলবাৰী জিলাৰ গাওঁত ১৯৭২ চনত জন্ম গ্ৰহণ কৰা কবি বিনয় কুমাৰ মজুমদাৰে 'সেউজীয়া সুবাস 'বিশ্বাস কৰা মই তোমাক ভাল পাও হৃদয়ৰ পৰা’ 'মাগুৰ বৰণীয়া 'চিত পখিলা-চিত পখিলা' ‘অলপ টো অলপ শেলুৱৈ’ 'দিপ্ৰা ফুলা ৰদ' আৰু বহু কথা আদি কেইবাখনো কাব্য গ্ৰন্থৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

বৰ্তমানেও মজুমদাৰে নলবাৰীৰ শংকৰদেৱ একাডেমীৰ উপাধ্যক্ষ হিচাপে কৰ্মৰত হৈ শৈক্ষিক দিশটো অৱদান আগবঢ়াই আছে। নতুন বৰ্ষৰ ৩ ফেব্ৰুৱাৰীত পাগলাদিয়াৰ বালিচাপৰিত হ’বলগীয়া ‘গজালি'ৰ ষষ্ঠ বৰ্ষপূৰ্তিৰ লগতে কবি সন্মিলনত এই বঁটা প্ৰদান কৰা হ’ব বুলি গজালি'ৰ সহযোগী সম্পাদক কমল কলিতা জনায়৷