গুৱাহাটীঃ চেনাই মই যাওঁ দে...
‘অসমৰ নাইটিংগেল’ দিপালী বৰঠাকুৰ আৰু নাই...

শুকুৰবাৰে দিনৰ প্ৰায় ১.৩০ মান বজাত নেমকেয়াৰ হস্পিতালত চিকিৎসাধান হৈ থকা সুকন্ঠী গায়িকা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ 

শিৱসাগৰ জিলাৰ সোণাৰীত জন্ম লাভ কৰা দিপালী বৰঠাকুৰ বিশ্বনাথ বৰঠাকুৰ আৰু চন্দ্ৰকান্তি দেৱীৰ কন্যা আছিল৷

১৯৯৮ চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত দিপালী বৰঠাকুৰে ‘সোণৰ খাৰু নালাগে মোক’, ‘চেনাই মই যাওঁ দে’, ‘অ বন্ধু সময় পালে আমাৰ ফালে’, দৰে গান গোৱাৰ লগতে অসমীয়া ছবিত কন্ঠদান কৰি নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছিল৷

মটৰ নিউৰণ ডিছিজৰ দৰে বেমাৰত আক্ৰান্ত হৈ চিৰদিনৰ বাবে উইল চেয়াৰত বহি দিন কটাবলগীয়া হোৱা দিপালী বৰঠাকুৰে ১৯৬৯ চনতে নিজৰ শেষ গান গাইছিল যদিও জীৱনত কেতিয়াও হাৰ মনা নাছিল৷ অসমীয়া জগতৰ লেখক বিনন্দ্ৰ চন্দ্ৰ বৰুৱাৰ পুত্ৰ নীল পৱন বৰুৱা ভাৰতীয় চিত্ৰশিল্পীৰ লগত দিপালী বৰঠাকুৰ বিবাহ পাশত আৱদ্ধ হৈছিল৷

দীৰ্ঘদিন ধৰি চিকিৎসা চলি থকা দিপালী বাইদেউয়ে জীৱনত হাৰ মনা নাছিল যদিও নিয়তিৰ আগত নোৱাৰি আজি দিনৰ ভাগত গুৱাহাটী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে৷ আনহাতে, ২০১০ চনত ‘শিল্পী বঁটা’ আৰু ২০১২ চনত সদৌ অসম লেখিকা সমাৰোহৰ তৰফৰপৰা আইদেউ সন্দিকৈ শিল্পী বঁটাৰে দিপালী বৰঠাকুৰক সন্মান জনোৱা হৈছিল৷

শেষত তেওঁৰ আত্মাৰ সদগতিৰ বাবে সকলোৱে তথা নিউজ নেক্সট ওৱানৰ তৰফৰপৰা শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিছে৷